শদিয়া,29 অক্টোবৰঃ কাকপথাৰৰ সোণজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷ নিহত লোকজন বৰডুমছা আৰক্ষী থানাৰ অন্তৰ্গত ডিৰাক শিমলুগুৰিৰ ৰাজীৱ ৰাজকোঁৱৰ বুলি জানিব পৰা গৈছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা AS 23 BC 8106 নম্বৰৰ কেঁচা চাহপাত কঢ়িওৱা বলেৰ' গাড়ীখনে কাকপথাৰ দিশৰ পৰা গৈ থকা নম্বৰ প্লেটবিহীন পালচাৰ মটৰ চাইকেলখনত খুন্দিওৱাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' গাড়ীখন জব্দ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লৈছে ৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পৰা অসমৰ বিভিন্ন চাহ ফেক্টৰীলৈ কেঁচা চাহপাত কঢ়িওৱা গাড়ীসমুহৰ তীব্ৰ গতিৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে পথছোৱাত ৷
আৰু পঢ়ক জিনজিয়া আৰক্ষীৰ সফলতাঃ হত্যাকাণ্ডৰ 7 ঘন্টাৰ ভিতৰতে আটক হত্যাকাৰী