ETV Bharat / state

তিনিচুকীয়াত পুনৰ অইলৰ পাইপলাইন ফাটি নিগৰিছে তেল - বেতজান জংঘল লাইনত তেল পাইপ ফুটি তেল নিৰ্গমন

মাকুম বেতজান জংঘল লাইনত তেল পাইপ ফুটি তেল নিৰ্গমণ হৈছে তেল ৷ তেলৰ পাইপত ফুটা ওলোৱাৰ ফলত তেলেৰে ভৰি পৰিছে নলা নৰ্দমা ৷ ভয়ংকৰ অঘটনৰ আশংকা স্থানীয় ৰাইজৰ ৷

Oil Pipeline leakage at Tinsukia
তিনিচুকীয়াত পুনৰ অইলৰ পাইপলাইন ফাটি নিগৰিছে তেল
author img

By

Published : Jun 16, 2020, 4:05 PM IST

তিনিচুকীয়া,16 জুন: তিনিচুকীয়াৰ বাঘজানৰ ঘটনা চাঞ্চল্য অব্যাহত থকাৰ মাজতেই পুনৰ মাকুম বেতজান জংঘল লাইনত তেল পাইপ ফুটি তেল নিৰ্গমণ হৈছে তেল ৷ তেলৰ পাইপত ফুটা ওলোৱাৰ ফলত তেলেৰে ভৰি পৰিছে নলা, নৰ্দমা ৷ বাৰেকুৰিৰ পৰা মাকুম অ,চি, এছ লৈ তৈল সৰবৰাহ হোৱা পাইপত সংঘটিত হৈছে এই ঘটনা ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতেই এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

তিনিচুকীয়াত পুনৰ অইলৰ পাইপলাইন ফাটি নিগৰিছে তেল

উল্লেখ্য যে,কোনো দুষ্কৃতিকাৰীয়ে নিশা তেল পৰিবাহী পাইপ ফুটা কৰি তেল চুৰি কৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ সামান্য ফিৰিঙতি পৰিলেই যিকোনো মুহুৰ্ততে উক্ত স্থানত সৃষ্টি হ'ব পাৰে ভয়ংকৰ অগ্নিকাণ্ড। অইল ইণ্ডিয়াৰ এনে পাইপ লাইন সমূহৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ আহ্বান জনাইছে আতংকিত স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ দল সংগঠনৰ প্ৰতিবাদক নেওচি মুকলি কৰা হ'ল মদনপুৰস্থিত টোলগেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.