তিনিচুকীয়া,২০ মে': তিনিচুকীয়াৰ নৱনিযুক্ত জিলা উপায়ুক্ত হিচাপে বুধবাৰে পাৱাৰ নাৰ্ছিং সাম্ভাজিয়ে কাৰ্যালয়ত যোগদান কৰে ৷ পূৰ্বৰ জিলা উপায়ুক্ত দিগন্ত শইকীয়াৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে সাম্ভাজিক ৷
![Tinsukia DC](https://etvbharatimages.akamaized.net/etvbharat/prod-images/dcjoiningas10027_20052021085956_2005f_1621481396_921.jpg)
কাৰ্যালয়ত যোগদানৰ পিছতে উপায়ুক্ত গৰাকীক মটক স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই, সদৌ অসম মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা, সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক স্বৰূপ গোঁহাই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সম্পাদক মুনীন্দ্র দুৱৰাই গামোচাৰে আদৰণি জনায় ।
![Tinsukia DC](https://etvbharatimages.akamaized.net/etvbharat/prod-images/dcjoiningas10027_20052021085956_2005f_1621481396_787.jpg)