তিনিচুকীয়া,5জানুৱাৰীঃসোমবাৰে ৰাজ্য চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত উদ্বোধন কৰা হয় তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটি ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে নৱনিৰ্মিত ভৱনটি ৷

উদ্বোধনী অনুষ্ঠানত গায়ন-বায়নেৰে আদৰণি জনোৱা হয় মুখ্যমন্ত্ৰীগৰাকীক ৷ তদুপৰি অনুষ্ঠানত ৫২ গৰাকী প্ৰাক্তন আলফা সদস্যক 4লাখ টকাকৈ এককালীন সাহাৰ্যও প্ৰদান কৰা হয় ৷
ইপিনে, প্ৰায় 7শতাধিক লোকে অংশগ্ৰহণ কৰা উদ্ধোধনী অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেণ নাথকে আদি কৰি বিজেপি দলৰ বহুকেইজন সাংসদ-বিধায়ক ৷
লগতে পঢ়কঃ ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰৰ পিছতে গা লৰিল গড়কাপ্তানী বিভাগৰ