তিনিচুকীয়া, 20 মে’: ভাৰতীয় তেল শোধানাগাৰ ডিগবৈৰ শ্বহীদ বেদী তিনিআলিৰ আৱাসিক এলেকাৰ এটা কোৱাৰ্টাৰৰ চৌহদৰ ভিতৰত মঙলবাৰে পুৱাৰ ভাগত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত । জানিব পৰা মতে, ডিগবৈ অসামৰিক চিকিৎসালয়ৰ গাতে লাগি থকা ভাৰতীয় তেল শোধানাগাৰৰ আৱাসিক এলেকাৰ 953 (A) নম্বৰৰ মতিলাল ভাৰতী নামৰ লোকজনৰ ঘৰৰ চৌহদৰ ভিতৰত উদ্ধাৰ হোৱা মৃত নৱজাতকটো কাউৰীয়ে ভক্ষণ কৰি থকা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি তেল শোধানাগাৰৰ নিৰাপত্তাৰক্ষীক খবৰ দিয়ে ।
স্থানীয় ডিগবৈ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে মৃত নৱজাতকটো উদ্ধাৰ কৰি লৈ যায় । কোনো দম্পতি অথবা অবৈধ প্ৰেমৰ পৰিণতিত গৰ্ভপাত কৰাই নিজৰ লজ্জা ঢাকিবৰ বাবে অৱশেষত এনে পথ গ্ৰহণ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । আনহাতে নৱজাতকটো উদ্ধাৰ হোৱা ঘৰৰ বাসিন্দাই কাষতে লাগি থকা চৰকাৰী চিকিৎসালয়খনৰ পৰাই কোনো লোকে দলিয়াই পেলোৱা বুলি জানিবলৈ দিয়ে ।