তিনিচুকীয়া, ২ মাৰ্চ: ছ'নী টিভিৰ জনপ্ৰিয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটী শ্ব'(ছিজন-৭) মাষ্টৰ চেফ ইণ্ডিয়াত উজ্বলি উঠিছে তিনিচুকীয়াৰ যুৱক নয়নজ্যোতি শইকীয়া (Cooking Reality Show Master Chef India)। তিনিচুকীয়া জিলাৰ গোবিন্দপুৰৰ অৰূপ শইকীয়া আৰু তুলিকা শইকীয়াৰ পুত্ৰ নয়নজ্যোতিয়ে ইতিমধ্যে ৰিয়েলিটী শ্ব'ৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে । ৰিয়েলিটী শ্ব'টোত মুখ্য বিচাৰক ৰূপে আছে জনপ্রিয় ভাৰতীয় চেফ্, কুকবুক লেখক, চলচ্চিত্র নির্মাতা বিকাশ খান্না, ভাৰতীয় চেলিব্রিটি চেফ, লেখক ৰণবীৰ সিং ব্রাৰ আৰু ভাৰতীয় চেফ্ গৰিমা অৰোৰা (Chef Vikas Khanna)।
গুৱাহাটীলৈ বি টেক পঢ়িবলৈ গৈ নিজে ৰন্ধা বঢ়া কৰি ৰূমত থাকিব লগীয়া হৈছিল নয়নজ্যোতিয়ে (NayanJyoti Saikia in Sony TV Cooking Reality Show)। তেতিয়াৰে পৰাই নতুন নতুন ধৰণেৰে খাদ্য প্রস্তুত কৰি খোৱাৰ আগ্রহ গঢ়ি উঠিছিল নয়নজ্যোতিৰ । পাছলৈ এই ৰাপ পৰিণত হৈছিল নিচালৈ । বিভিন্ন ধৰণৰ খাদ্য প্রস্তুত কৰা কিতাপ পঢ়ি ভাল পোৱা নয়নজ্যোতিয়ে প্ৰস্তুত কৰিছিল সুস্বাদু ব্যঞ্জন। এই আগ্রহ বুকুত বান্ধি এদিন নয়নজ্যোতিয়ে অডিচ'ন দিছিল ছ'নী টিভি চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় মাষ্টৰ চেফ ইণ্ডিয়া কুকিং ৰিয়েলিটী শ্ব'ত । এই অডি'চনত নিৰ্বাচিত হৈ সুযোগ লাভ কৰে ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰাৰ ।
এই ৰিয়েলিটী শ্ব'ত নয়নজ্যোতিয়ে প্ৰস্তুত কৰা ব্যঞ্জনত মুগ্ধ হৈ তিনিচুকীয়া জিলাত থকা নয়নজ্যোতিৰ নিজ বাসগৃহত আহি উপস্থিত হয় বিচাৰক বিকাশ খান্না । কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ কেৱল নিজৰ আগ্ৰহৰ ভিত্তিত এনে সফলতা দেখি মুগ্ধ হৈ পৰে জনপ্ৰিয় চেফ বিকাশ খান্না । নয়নজ্যোতিৰ বাসগৃহত উপস্থিত হৈ চেফ বিকাশ খান্নাই পৰিয়ালৰ সৈতে এসাজ অসমীয়া আহৰৰ সোৱাদ লয় । লগতে প্ৰথমবাৰৰ বাবে ৰবাব টেঙা খাই অভিভূত হৈ পৰে চেফগৰাকী । তদুপৰি চেফগৰাকীয়ে অসমৰ চাহ বাগিচাৰ সৌন্দৰ্য্য দেখিও মুগ্ধ হৈ পৰে ।
ৰিয়েলিটী শ্ব'টোত আলু পিটিকা,কলদিল আৰু কুকুৰা মাঙসৰ জোল আদি অসমীয়া থলুৱা খাদ্য তৈয়াৰ কৰি অসমীয়া খাদ্যক জিলিকাই তুলিছে নয়নজ্যোতিয়ে । মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অন্ত পৰিব লগীয়া ৰিয়েলিটী শ্ব'টোৰ পৰা মাত্ৰ কিছুদিনৰ বাবে ঘৰত উপস্থিত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ।