তিনিচুকীয়া, 20 জানুৱাৰী : তিনিচুকীয়াত জিলা পৰিবহণ বিভাগৰ 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 পালন কৰা হয় ৷ 'পথ সুৰক্ষা-জীৱন ৰক্ষা' শ্লগানেৰে বুধবাৰৰ পৰা সমগ্ৰ অসমতে 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন কৰা হয় । ইয়াৰ সমান্তৰালভাৱে বুধবাৰৰ পৰা তিনিচুকীয়াতো জিলা পৰিবহণ বিভাগে 32 সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 পালন কৰা হয় ৷
মাহটোত জিলাখনৰ প্ৰতিটো অঞ্চলতে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021 পালন কৰা হ'ব বুলি সাংবাদ মাধ্যমৰ আগত জানিব দিয়ে জিলা পৰিবহণ বিষয়া বুবুল গগৈয়ে । উল্লেখ্য যে, সজাগতা আৰু সুৰক্ষা দিয়াৰ উদ্দেশ্যেৰে প্ৰত্যেক বছৰে পালন কৰি আহিছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ কাৰ্যসূচী ।
লগতে পঢ়ক : ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা