ETV Bharat / state

Baghjan blowout: বাঘজানকাণ্ডৰ ক্ষতিগ্ৰস্তক অগ্ৰিম ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ

author img

By

Published : Aug 10, 2023, 7:19 PM IST

উজনি অসমৰ তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱত ২০২০ চনৰ ২৭ মে' তাৰিখে বাঘজান BGR, 5ৰ তৈল খাদত প্ৰথমে গেছ নিৰ্গত হয় আৰু ২৭ মে' ৰ পৰা ১৩ দিন ধৰি অহৰহ গেছ নিৰ্গত হৈ ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয় । এই ঘটনাত বাঘজান গাঁৱৰ লগতে সমীপৱৰ্তী ৰঙাগড়া গাঁৱখনো ক্ষতিগ্ৰস্ত হৈছিল ৷ এই ক্ষতিগ্ৰস্তসকলক শীঘ্ৰেই ক্ষতিপূৰ্ণ প্ৰদান কৰাৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ৷

Baghjan blowout
Baghjan blowout
বাঘজানকাণ্ডৰ ক্ষতিগ্ৰস্তক অগ্ৰিম ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ

তিনিচুকীয়া, ১০ আগষ্ট: বাঘজানকাণ্ডৰ ক্ষতিপূৰণ বিছাৰি ২০২১ চনৰ ২০ অক্টোবৰত মহামান্য উচ্চতম ন্যায়ালয়ত এক গোচৰ তৰা হৈছিল ৷ নতুন ৰঙাগড়া গাঁৱক প্ৰতিনিধিত্ব কৰি পৰিৱেশ কৰ্মী নিৰন্ত গোঁহাইয়ে আই. এ. নং ১৩৫২৭০/২০২১ আৰু বাঘজান গাঁৱক প্ৰতিনিধিত্ব কৰি মনোজ হাজৰিকাই আই.এ. নং ১৩৫২৬৫/২০২১ যোগে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ উক্ত গোচৰ তৰে ।

উল্লেখযোগ্য যে বাঘজানকাণ্ডত বাঘজান গাঁৱৰ দৰে নতুন ৰঙাগড়া গাঁওবাসীও চৰমভাৱে ক্ষতিগ্ৰস্ত হৈছিল । এই কথা জিলা প্ৰশাসন তথা অইলেও স্বীকাৰ কৰিছিল আৰু লোকসকলক কেইবামাহো গুইজানৰ আশ্ৰয় শিবিৰত ৰখা হৈছিল । শেষলৈ লোকসকলক চৰকাৰে বাঘজানৰ জুই নিৰ্বাপন নোহোৱা পৰ্যন্ত ভাড়াঘৰত ৰাখিছিল । কিন্তু বৈষম্যতাৰে এই গাঁৱৰ ভুক্তভোগীক বাঘজান গাঁৱৰ দৰে অগ্ৰিম ক্ষতিপূৰণ দিয়া হোৱা নাছিল ।

২০২২ চনৰ ১ ছেপ্টেম্বৰত উক্ত গোচৰ শুনানিৰ বাবে লোৱা হৈছিল আৰু ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰিছিল আৰু নিৰ্দেশ দিছিল যে এই কাৰ্যবিধিৰ বাকী থকা অৱস্থাই ক্ষতিগ্ৰস্ত গাঁৱৰ লোকসকলক ক্ষতিপূৰণ প্ৰদানত কোনো প্ৰভাৱ নপৰিব । কিন্তু ইয়াৰ পাচতো অইল অথবা প্ৰশাসনে উক্ত ভুক্তভোগীক ক্ষতিপূৰণ দিয়া নাছিল । ২০২৩ চনৰ ২৩ জানুৱাৰীত উক্ত গোচৰটো উচ্চতম ন্যায়ালয়ে ডিচপ'জ কৰি এক আদেশ জাৰি কৰিছিল ।

উচ্চতম ন্যায়ালৰ নিৰ্দেশনাটোত ক্ষতিপূৰণৰ বিষয়টো ষ্পষ্টকৈ উল্লেখ কৰি ২ মাহৰ ভিতৰত অগ্ৰিম ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল আৰু ইয়াৰ পাচত চূড়ান্ত ক্ষতিপূৰণৰ বাবে NGT ক মডেলিটি প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছিল । কিন্তু উক্ত নিৰ্দেশৰ ২ মাহ নৌহওঁ‌তেই ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে চলিত বৰ্ষৰ ১০ মাৰ্চত বাঘজানকাণ্ডৰ ওপৰত হঠাৎ শুনানি অনুষ্ঠিত কৰি একেদিনাই এক বিৰ্তকিত আদেশ জাৰি কৰে ।

আচৰিত ধৰণে NGT ৰ উক্ত শুনানী বা নিৰ্দেশনাটোত ক্ষতিপূৰণ সন্দৰ্ভত কোনো কথা উল্লেখেই নহ’ল । অন্যহাতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু উক্ত নিৰ্দেশ পালনৰ বাবে আবেদনকাৰীসকলে তিনিচুকীয়া জিলা উপায়ুক্ত, অসমৰ মুখ্য সচিব আৰু অইলৰ মুখ্য পৰিচালন সঞ্চালকক লিখিতভাৱে বাৰম্বাৰ অনুৰোধ কৰাৰ পাচতো কোনো সঁহাৰি নোপোৱাত উচ্চতম ন্যায়ালয়ত উক্ত বিষয়া তিনিজনৰ বিৰুদ্ধ যোৱা ৯ মে’ত এক কণ্টেম গোচৰ দাখিল কৰে ৷

উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি ১৪ জুলাইত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীক্ষ ডি.ৱাই. চন্দ্ৰচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে চূড়ান্ত নিৰ্দশনা জাৰি কৰি বাঘজান আৰু নতুন ৰঙাগড়া গাঁৱৰ আবেদন গ্ৰহণ কৰি ক্ষীপ্ৰতাৰে উচ্চতম ন্যায়লয়ে ২৩ জানুৱাৰীত জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত অগ্ৰিম ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্না কৰিবলৈ NGT লৈ আদেশ দি গোচৰটো নিষ্পতি কৰিছে । ক্ষতিপূৰণ সন্দৰ্ভত আবেদনকাৰীৰূপে উচ্চতম ন্যায়লয়ত এইটো আমাৰ দ্বিতীয় বিজয় ।

১৯ জুলাইত পৰিৱেশ কৰ্মী নিৰন্ত গোঁহাইয়ে NGT ত এখন আবেদন (M.A. No.17/2023 (EZ) আৰু মনোজ হাজৰিকাই এক আবেদন ( M.A. No.19/2023 (EZ) দাখিল কৰে । ৮ আগষ্টত NGT দিল্লী বেঞ্চে শুনানী গ্ৰহণ কৰি চূড়ান্ত ৰাই দি গোচৰটো নিষ্পতি কৰে । উক্ত ৰায় অনুসৰি তিনিচুকীয়া জিলা উপায়ুক্তই ক্ষীপ্ৰতাৰে ক্ষতিগ্ৰস্তসকলক অগ্ৰিম ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব । বাঘজানকাণ্ডৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ প্ৰদান কৰা অথবা অইলক বাধ্য কৰাটো অসম চৰকাৰৰ দায়িত্ব ।

কিন্তু মুখত জনতাৰ কথা কৈ ভিতৰি জনতাক শোষণ কৰা অইল কোম্পানীকহে ৰক্ষণাবেক্ষন দি থকা চৰকাৰে ইচ্চাকৃতভাৱেই ইমানদিনে ক্ষতিগ্ৰস্তক ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কৰি আহিছে । NGT ৰ শুনানী কালত অইলে স্পষ্ট কৰি দিছে যে ন্যায়লয়ৰ নিৰ্দেশনা মতেই অইলে জিলা উপায়ুক্তৰ হাতত সকলো ধন জমা কৰি ৰাখিছে । ক্ষতিগ্ৰস্ত ৰাইজক প্ৰতাৰণা কৰি অহা পৰম্পৰাটো সমাপ্তি ঘটাই শীঘ্ৰেই অগ্ৰিম ক্ষতিপূৰণ মুকলাই দিবলৈ চৰকাৰক দাবি জনাইছে । বাঘজানকাণ্ডৰ ক্ষতিগ্ৰস্তৰ এই বিজয় এক ঐতিহাসিক বিজয় ।

এই ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াটো সঠিকভাৱে আগবঢ়াই নিয়া উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰদ্ধাৰ শান্তনু বৰঠাকুৰ আৰু বিক্ৰম ৰাজখোৱা, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা শ্ৰদ্ধাৰ শ্বাহৰূখ আলম, দেবাঞ্চ মেহতা, লিজ মেথিও আৰু মল্লিকা আগৰৱাললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ভুক্তভোগীৰ লগতে গোচৰ দাতাই ।

লগতে পঢ়ক: বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.