ETV Bharat / state

তিনিচুকীয়াৰ চিৰাপট্টিত ৰহস্যজনক বিস্ফোৰণ, আহত তিনি

তিনিচুকীয়াৰ চিৰাপট্টিত ৰহস্যজনক বিস্ফোৰণৰ ঘটনা ৷ আহত তিনিওজনকে জৰুৰীভাৱে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ৷

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:15 PM IST

Mysterious Explosion In Tinsukia
তিনিচুকীয়াৰ চিৰাপট্টিত বিস্ফোৰণৰ ঘটনা
ৰহস্যজনক বিস্ফোৰণত আহত তিনি

তিনিচুকীয়া, 9 ডিচেম্বৰ : তিনিচুকীয়া চহৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শনিবাৰে দিনৰ প্ৰায় চাৰি বজাত বাণিজ্যিক চহৰ তিনিচুকীয়াৰ চিৰাপট্টিত এক ৰহস্যজনক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাই সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷

এই বিস্ফোৰণটোত তিনিজন লোক আহত হয় ৷ ইয়াৰে এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত তিনিগৰাকী ক্ৰমে দুৰ্গা বাহাদুৰ ছেত্ৰী, সুমল বাৰ্লা আৰু কমল পাল ৷ বিস্ফোৰণটোত প্ৰতিষ্ঠানৰ ৰান্ধনী দুৰ্গা বাহাদুৰ চেত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু ক্ষেত্ৰ অভিযন্তা চিৰাপট্টিৰ সুমন বাৰ্লা আৰু সহায়ক শিৱসাগৰৰ কমল পাল কম-বেছি পৰিমাণে আহত হয় ৷

আহত তিনিওজনকে ততাতৈয়াকৈ স্থানীয় লোকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ বিস্ফোৰণটো চিৰাপট্টীস্থিত তপন দত্ত নামৰ ব্যক্তিজনৰ মালিকনাধীন বিল্ডিঙত সংঘটিত হয় ৷ বিল্ডিংটোৰ দ্বিতীয় মহলাত থকা ত্ৰিনেত্ৰ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানৰ পাকঘৰ আৰু কাষতে থকা কোঠাটোত বিস্ফোৰণ সংঘটিত হয় ৷

পাকঘৰ তথা কোঠাটোৰ কোনো ধৰণৰ বিশেষ ক্ষতি হোৱা নাই যদিও পাকঘৰ আৰু কোঠাৰ এলুমিনিয়াম ফ্ৰেমৰ খিৰিকি গ্লাছসহ উফৰি গৈ বহু দূৰৈত চিটিকি পৰে ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইয়ে জানিবলৈ দিয়া অনুসৰি, পাকঘৰত ৰন্ধন গেছৰ চিলিণ্ডাৰটো লিক্‌ হৈ সম্পূৰ্ণ কোঠাটো ভৰি আছিল ৷ ৰন্ধন গেছ খুলি জ্বলাবলৈ জুইশলাৰ কাঠি মৰাৰ ল’গে ল’গেই বিকত শব্দৰে বিস্ফোৰণ হয় আৰু খিৰিকি ভাঙি গেছসমূহ প্ৰচণ্ড বেগত বাহিৰলৈ ওলাই যায় ৷ ফলত জুইশলা কাঠি মৰা ৰান্ধনী দুৰ্গা বাহাদুৰ চেত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

লগতে পঢ়ক : গুৱাহাটীৰ বাণিজ্য মেলাত পিষ্টলধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ, লুটি নিলে লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.