ETV Bharat / state

Wild elephant at Margherita : মাৰ্ঘেৰিটাত উৰুকাৰ দিনাই মৃত্যু এজনী বন্যহস্তীৰ - বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু

বিহুৰ আনন্দ উল্লাসৰ মাজতে মাৰ্ঘেৰিটা মাকুমকিল্লা টেঙাপথাৰত অঘটন ৷ মাঘৰ উৰুকাৰ নিশা ৰহস্যজনকভাৱে মৃত্যু মুখত পৰে এজনী মাইকী হাতী (Mysterious death of a wild elephant at Margherita) ৷ তথ্য যুগুত কৰা পৰলৈকে হাতীজনীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷

Mysterious death of a wild elephant at Margherita
মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যু
author img

By

Published : Jan 15, 2023, 10:41 PM IST

তিনিচুকীয়া, ১৫ জানুৱাৰী : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict) । বনৰীয়া জীৱ-জন্তুৰ প্ৰতি জীৱশ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে । নিতৌ জীৱশ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গৈছে নিবোধ জীৱ-জন্তুৰ । উৰুকাৰ নিশাও মাৰ্ঘেৰিটা মাকুমকিল্লা টেঙাপথাৰত এজনী বনৰীয়া হাতী অস্বাভাৱিক মৃত্যুৰ খবৰে সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Mysterious death of a wild elephant at Margherita) ।

বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই অহা ফলত বন্যপ্ৰাণীসমূহে খাদ্য সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে । বিশেষকৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৱে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি আহিছে । ইয়াৰ পিচতো কিন্তু ৰাজ্যৰ বনবিভাগ আছে কুম্ভকৰ্ণ নিদ্ৰাত ।

এই অভিযোগ তিনিচুকীয়াৰ একাংশ সচেতন লোকৰ ৷

অভিযোগ অনুসৰি, বন্যপ্ৰাণীক সুৰক্ষা দিয়াত সম্পূৰ্ণ ৰূপে বিফল বন বিভাগ । বন বিভাগে মৃত বন্যপ্ৰাণীসমূহৰ মৰোণোত্তৰ পৰীক্ষা কৰিয়েই দায়িত্ব সামৰে ৷ পৰৱৰ্তী সময়ত কি প্ৰতিবেদন আহিল একো জানিব পৰা নাযায় । অপ্ৰিয় হ’লেও সত্য, বন্য জীৱসমূহৰ মৃত্যু কাৰণ কিন্তু একাংশ অসাধু মানুহেই ।

সচেতন মহলৰ সন্দেহ বনবিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগত মৃত জীৱ জন্তুৰ মৃত্যুৰ প্ৰকৃত ঘটনাক গাপ দিয়া হয় । উৰুকাৰ নিশা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা টেঙাপথাৰত আনন্দৰ উল্লাহৰ মাজতে নিশা মৃত্যু মুখত পৰে এজনী বনৰীয়া হাতী ।

লগতে পঢ়ক : Man Elephant Conflict: হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কি পৰামৰ্শ বিধায়ক পদ্ম হাজৰিকাৰ ?

কেমেৰাৰ সন্মুখত মুখ খুলিবলৈ নিবিচৰা একাংশ লোকৰ মতে হাতীজনীক কোনো দুষ্ট লোকে পৰিকল্পিতভাৱে হত্যা কৰিছে । কিন্তু বন বিভাগৰ কৰ্তৃপক্ষই মৰণোত্তৰ প্ৰতিবেদনতহে হাতীজনীৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি উল্লেখ কৰে । বন বিভাগৰ এই মন্তব্যত কিন্তু সচেতন মহল আস্বস্ত হ'ব পৰা নাই ।

উল্লেখ্য যে, ইতিপূৰ্বেও উক্ত অঞ্চলত কেইবাটাও বন্যহস্তী মৃত অৱস্থাত উদ্ধাৰৰ ঘটনা সংঘটিত হৈছিল বুলি স্থানীয় একাংশ ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । অন্যহাতে, মৃত হাতীজনীৰ দুগ্ধপান কৰি থকা এটি পোৱালীও আছে বুলি জানিব পৰা গৈছে । সম্ভৱত দুষ্ট চক্ৰই বিদ্যুতৰ তাঁ‌ৰ সংযোগ কৰি হাতীজনীক হত্যা কৰে ।

উক্ত অঞ্চলটো দিহিং সংৰক্ষীত বনাঞ্চালৰ কাষৰীয়া বনগাঁও হোৱাৰ বাবেই স্থানীয় গাঁওবাসীয়ে মৃত হাতীজনীৰ প্ৰকৃত মৃতৰ কাৰণ গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে । একাংশ কমিচনভোগী বন বিষয়াৰ চত্ৰছায়াতে উক্ত অঞ্চলত ব্যাপক বন ধ্বংস হোৱাৰ ফলত খাদ্যৰ সন্ধানত এইদৰে বন্যহস্তী জনাঞ্চললৈ ওলাই আহি মৃত্যুমুখত পৰিব লগা হৈছে বুলি চৰ্চা হৈছে । এইক্ষেত্ৰত বন বিভাগে কেনেধৰণৰ ব্যৱস্থ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক : Wild Elephant terror: বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে তিনিটাকৈ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.