ETV Bharat / state

পৰেশ বৰুৱা আপোনাৰ চৰণত ধৰিছো!!

দুজনকৈ আলফা(স্বা) ৰ সদস্যক 2015 বৰ্ষতে হত্যা কৰিছিল সৰ্তীথই, মৃত পুত্ৰৰ আদ্যশ্ৰাদ্ধ পালন কৰিলে পৰিয়ালে, পৰেশ বৰুৱাক হত্যাৰ বাতৰি স্পষ্ট কৰিবলৈ কাতৰ আহ্বান মৃত যুৱকৰ দুই মাতৃৰ ৷

পৰেশ বৰুৱালৈ কাতৰ আহ্বান দুই মাতৃৰ
author img

By

Published : Apr 25, 2019, 10:03 PM IST

শদিয়া : কাকপথাৰৰ সৰুমেচাই গাৱঁৰ দুজনকৈ যুৱকক হত্যা কৰাৰ চাৰি বছৰ পিছত পৰিয়ালৰ লোকে পালন কৰিলে আদ্যশ্ৰাদ্ধ ৷ 2012 চনৰ চেপ্তেম্বৰ মাহতেই ঘৰৰ পৰা নোহোৱা হৈছিল অচ্যুত ডেকা মৰাণ(30) আৰু প্ৰদ্যুৎ মৰাণ(18) নামৰ যুৱক দুজন ৷ ঘৰৰ পৰা নোহোৱা হোৱাৰ কেইবামাহমানৰ পাচতেই পৰিয়ালৰ লোকে আৰক্ষী আৰু ভাৰতীয় সেনাৰ পৰা খবৰ পাইছিল যুৱক দুজনে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা) ত যোগদান কৰাৰ বাতৰি ৷

পৰেশ বৰুৱালৈ কাতৰ আহ্বান দুই মাতৃৰ

2015 চনৰ পৰা বিভিন্নজনৰ পৰা পৰিয়ালৰ লোকে শুনিবলৈ পালে যুৱকদুজনক আলফা(স্বা)য়ে হত্যা কৰা বুলি ৷ কথাটো দুয়োখন ঘৰৰ পৰিয়ালে বিশ্বাস কৰা নাছিল যদিও চলিত বৰ্ষৰ এপ্ৰিল মাহৰ চাৰি তাৰিখত আত্মসৰ্মপন কৰা বৃন্দাবন নামৰ আলফা(স্বা) সদস্যজনৰ দিয়া খবৰে হত্যাৰ বাতৰিটো সত্যৰূপে পৰিয়াল দুটাই মানি লবলৈ বাধ্য হ'ল ৷ মৃত এজন যুৱকৰ পৰিয়ালৰ লগত ঘনিষ্ট সম্পৰ্ক থকা বৃন্দাবনে সেই সময়ত হত্যা কৰা বাতৰি দিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰে বুলি জনায় যুৱক দুজনৰ পৰিয়ালৰলোকে ৷ যুৱক দুজনক কিয় হত্যা কৰা হ'ল ? হত্যা কৰা বাতৰিটো সত্য নে অসত্য ? এইকথাটো স্পষ্ট কৰিবলৈ সদস্য দুজনৰ পৰিয়ালে আলফা(স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক হাতযোৰ কৰি চৰণত ধৰি মাতৃ দুগৰাকীয়ে কান্দি কান্দি কাতৰ আহ্বান জনাইছে ৷

আৰু পঢ়ক : আলফা স্বাধীনত অন্তঃকন্দল

উল্লেখ্য প্ৰায় তিনি বছৰ সন্ত্ৰাসবাদী সংগঠনটোত থাকি আত্মসৰ্মপনৰ বাবে পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰা কথা জানিব পাৰি আলফা(স্বা) অচ্যুত আৰু প্ৰদ্যুৎক হত্যা কৰিছিল বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে ৷ এনধৰণে আত্মসৰ্মপনৰ বাবে চেষ্টা কৰা আলফা(স্বা) সদস্যক হত্যা কৰা বাতৰি এইয়াই প্ৰথম নহয় ৷ ইয়াৰ আগতেও তিনিচুকীয়া জিলাত এনেধৰণৰ বাতৰি সম্পচাৰ হৈছিল ৷

Intro:দুজনকৈ আলফা(স্বা) ৰ সদস্যক ২০১৫ বৰ্ষতে হত্যা কৰিছিল সৰ্তীথই, মৃত পুত্ৰৰ আদ্যশ্ৰাদ্ধ পালন কৰিলে পৰিয়ালে, পৰেশ বৰুৱাক হত্যাৰ বাতৰি স্পষ্ট কৰিবলৈ কাতৰ আহ্বান মৃত যুৱকৰ দুই মাতৃৰ

শদিয়া : মানৱতাক কলংকিত হোৱা ঘটনা সংঘটিত হৈছে আলফা(স্বা) ৰ ভিতৰচৰাত ৷ কাকপথাৰৰ সৰুমেচাই গাৱঁৰ দুজনকৈ যুৱকক হত্যা কৰা চাৰি বছৰ পিছত পৰিয়ালৰ লোকে পালন কৰিলে আদ্যশ্ৰাদ্ধ ৷ ২০১৫ চনৰ চেপ্তেম্বৰ মাহতেই ঘৰৰ পৰা নোহোৱা হৈছিল অচ্যুত ডেকা মৰাণ(30) আৰু প্ৰদ্যুৎ মৰাণ(18) নামৰ যুৱক দুজন ৷ ঘৰৰ পৰা নোহোৱা হোৱাৰ কেইবামাহমানৰ পিছতেই পৰিয়ালৰ লোকে পুলিচ আৰু ভাৰতীয় সেনাৰ পৰা খবৰ পাইছিল যুৱক দুজনে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা) ত যোগদান কৰাৰ বাতৰি ৷ ২০১৫চনৰ পৰা আহুকানে-পহুকানে পৰিয়ালৰ লোকে হুনিবলৈ পালে যুৱকদুজনক আলফা(স্বা)য়ে হত্যা কৰা বুলি ৷ কথাটো দুয়োখনঘৰৰ পৰিয়ালে বিশ্বাস কৰা নাছিল যদিও চলিত বৰ্ষৰ এপ্ৰিল মাহৰ চাৰি তাৰিখত আত্মসৰ্মপন কৰা বৃন্দাবন নামৰ আলফা(স্বা) সদস্যজনৰ দিয়া খবৰে হত্যাৰ বাতৰিটো সত্যৰূপে পৰিয়ালদুটাই মানি লবলৈ বাধ্য হ'ল ৷ মৃত এজন যুৱকৰ পৰিয়ালৰ লগত ঘনিষ্ট সম্পৰ্ক থকা বৃন্দাবনে সেই সময়ত হত্যা কৰা বাতৰি দিব নোৱাৰাৰ বাবে দুষিত বুলিও জনায় বুলি সাংবাদিকৰ আগত হত্যা কৰা আলফা(স্বা) পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ যুৱক দুজনক কিয় হত্যা কৰা হ'ল ? হত্যা কৰা বাতৰিটো সত্য নে অসত্য ? এইকথাটো স্পষ্ট কৰিবলৈ সদস্য দুজনৰ পৰিয়ালে আলফা(স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক হাতযোৰ কৰি চৰণত ধৰি মাতৃ দুগৰাকীয়ে কান্দি কান্দি কাতৰ আহ্বান জনাইছে ৷ উল্লেখ্য প্ৰায় তিনি বছৰ সন্ত্ৰাসবাদী সংগঠনটোত থাকি আত্মসৰ্মপনৰ বাবে পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰা কথা জানিব পাৰি আলফা(স্বা) অচ্যুত আৰু প্ৰদ্যুৎক হত্যা কৰিছিল বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে ৷ এনধৰণে আত্মসৰ্মপনৰ বাবে চেষ্টা কৰা আলফা(স্বা) সদস্যক হত্যা কৰা বাতৰি এইয়াই প্ৰথম নহয় ৷ ইয়াৰ আগতেও তিনিচুকীয়া জিলাত এনেধৰণৰ বাতৰি সম্পচাৰ হৈছিল ৷Body:Byte : 1/ Family Member
2/ publicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.