তিনিচুকীয়া, 26 ছেপ্তেম্বৰ : শনিবাৰে তিনিচুকীয়াৰ কৰ্দৈগুৰিত মৰাণ জনজাতিয়ে এক সংবাদমেল সম্বোধন কৰে ৷ বৃহত্তৰ তালাপ-কৰ্দৈগুৰি অঞ্চলত ভয়াৱহ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত এই সংবাদমেল সম্বোধন কৰে মৰাণ জনজাতিয়ে ৷ ইয়াৰ লগতে বানাক্ৰান্ত লোকসকলক পুনৰ সংস্থাপনৰ দাবী তোলা হয় সংবাদমেলখনৰ জৰিয়তে ৷
মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছিল উক্ত সংবাদমেলখন ৷ বৃহত্তৰ অঞ্চলটোৰ বান-খহনীয়া সমস্যা সমাধানৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে 27 ছেপ্তেম্বৰত ডুমডুমা ৰাহজ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ৷
চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰিলে অনাগত দিনত জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু গুৱাহাটীৰ সচিবালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে সংগঠনকেইটাৰ বিষয়ববীয়াসকলে ৷
লগতে পঢ়ক : শীঘ্ৰে গুৱাহাটী মহানগৰীত মুকলি হ'ব আন এখন উৰণীয়া সেঁতু