তিনিচুকীয়া, ২৭ এপ্ৰিল: তিনিচুকীয়া জিলাৰ মাকুম ৰূপনগৰৰ বাসিন্দা প্ৰাঞ্জল মৰাণ নামৰ যুৱক এজনক মঙলবাৰে কোনো কথাকলৈ মৰিয়াই মৰিয়াই আঠজনকৈ নৰধামে হত্যা কৰা ঘটনাৰ আজিও প্ৰতিক্ৰিয়া অব্য়াহত আছে (Mob lynching case in Tinsukia)। এই হত্যাকাণ্ডৰ প্ৰতিবাদত বৃহস্পতিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ।
নিৰপৰাধী যুৱকজনক চাৰি ঘণ্টা ধৰি বাহনৰ ভিতৰত সুমুৱাই অত্যাচাৰ কৰি হত্যা কৰাৰ প্ৰতিবাদত উত্তাল হৈছে মাকুম ৰূপনগৰ (Protest at Makum)। আৰক্ষী প্ৰশাসনক অৱগত কৰিবলৈও ফোন কৰাৰ পিচতো আৰক্ষীয়ে ফোন ৰিচিভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে । চাৰি ঘন্টাৰ ভিতৰতো প্ৰশাসনৰ লোক ঘটনাস্থলীলৈ আহিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক বুলি ক্ষোভেৰে কয় প্ৰতিবাদকাৰীসকলে ।
ইপিনে, নিৰপৰাধী যুৱকজনক অত্যাচাৰ চলাই হত্যা কৰাৰ সময়তো যুৱকজনক উদ্ধাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনে কোনো সহায় নকৰিলে বুলি সদৌ মৰাণ ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে (All Moran Students Union protest)। উক্ত ৰাজহুৱা সভাত যুৱকজনৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদান নকৰালৈকে জংগী আন্দোলন চলাই যাব বুলি সদৌ মৰাণ ছাত্ৰ সন্থাই প্ৰশাসনক সকীয়াই দিয়ে ।
উল্লেখ্য় যে কালি জ্যেষ্ঠ ভগ্নীৰ সন্মুখতেই প্ৰাঞ্জল মৰাণ নামৰ এজন যুৱকক এটা যুৱকৰ দলে মৰিয়াই মৰিয়াই হত্যা কৰে (Mob lynching case at Makum)৷ তিনিচুকীয়া জিলাৰ মাকুমৰ ৰূপনগৰত এচাম নৰপিশাচৰ জিঘাংসাৰ বলি হোৱা প্ৰাঞ্জলক সময়মতে আৰক্ষীয়ে সহায় নকৰা বাবেই এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷
মাকুম ৰূপনগৰৰ বাসিন্দা প্ৰাঞ্জল মৰাণ নামৰ যুৱকজনে জ্যেষ্ঠ ভগ্নীৰ লগত ঘৰৰপৰা ওলায়েই কিবা কামৰ বাবে চাপৰোতেই আঠজনীয়া যুৱকৰ দলৰ এজনে প্ৰাঞ্জলক পিচফালৰ পৰা গোৰ মাৰে (Youth brutally murdered in front of family) ৷ লগে লগে প্ৰাঞ্জলে নিজকে গাড়ীৰ ভিতৰত বন্ধ কৰি লয় ৷ তেনেদৰে গাড়ীৰ ভিতৰত সোমাই থকাত প্ৰাঞ্জলৰ উশাহ বন্ধ হৈ অজ্ঞান হোৱাত প্ৰাঞ্জলৰ জ্যেষ্ঠ ভগ্নীয়ে ভাতৃক পানী ছটিয়াই ভাল কৰিবলৈ লওঁতেই অতৰ্কিতে প্ৰাঞ্জলক আগুৰি ধৰি উপৰ্যুপৰি মাৰধৰ কৰে (Abhi Neel incident repeats) ৷
লগতে পঢ়ক:Mob lynching case: পৰিয়ালৰ সন্মুখতেই মৰিয়াই মৰিয়াই নৃশংভাৱে হত্যা প্ৰাঞ্জল মৰাণক