ETV Bharat / state

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২১তম কেন্দ্ৰীয় অধিৱেশনৰ শুভাৰম্ভণী

author img

By

Published : Oct 29, 2020, 9:24 PM IST

বৃহস্পতিবাৰৰ পৰাই তৈলনগৰী ডিগবৈৰ বদৌচা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২১ তম কেন্দ্ৰীয় অধিৱেশন আৰু সাংস্কৃতিক সমাৰোহ ৷

Moran Central Conference at digboi
সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২১ তম কেন্দ্ৰীয় অধিৱেশনৰ শুভাৰম্ভণী

তিনিচুকীয়া,29অক্টোবৰঃ বৃহস্পতিবাৰৰ পৰা তৈলনগৰী ডিগবৈত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২১তম কেন্দ্ৰীয় অধিৱেশন। পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মৰাম ছাত্ৰ সন্থাৰ সকলো পৰ্যায়ৰ প্ৰতিনিধি,উদ্বোধক আৰু ৰাইজৰ সমাৱেশেৰে উদুলি মুদুলি হৈ পৰিল বদৌচা সমন্বয় ক্ষেত্ৰৰ পথাৰ।

কাৰ্যসূচী অনুসৰি পুৱাই শ্ৰীশ্ৰী মায়ামৰা বেতনী বেদৱতী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী অচেন মহন্তই উদ্বোধন কৰে। জাতীয় শ্বহীদ বিনন্দ মৰাণ স্মৃতি তোৰণ উদ্বোধন কৰে শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই। ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে উদ্বোধন কৰে সতী সাধনী স্মৃতি তোৰণ। ৰামেশ্বৰ ধানোৱাৰ স্মৃতি খাদ্যমেলা উদ্বোধন কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই। মোহন শইকীয়া স্মৃতি মৰাণ জনজাতিৰ আৰ্হি ঘৰ উদ্বোধন কৰে ছাত্ৰ আৰু যুৱকল্যাণ ৰাজ্যিক উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে। বীৰ ৰাঘৱ মৰাণ স্মৃতি মণ্ডপ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত পলাশ আহোমে।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ২১তম কেন্দ্ৰীয় অধিৱেশনৰ শুভাৰম্ভণী

ইয়াৰ পিছতে বীৰাংগণা ৰাধা ৰুকুণী স্মৃতি মঞ্চ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত অধীক্ষক ৰিপুঞ্জয় কাকতিয়ে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণে। শ্বহীদ তৰ্পণ কৰে সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নৱ মৰাণে। লগতে শ্বহীদ তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰে আমছুৰ কেন্দ্ৰীয়,জিলা আঞ্চলিক সমিতিৰ বিষয়ববীয়া,অভ্যৰ্থনা সমিতি বিষয়ববীয়া সকলে।

আনহাতে কাৰ্যসূচীৰ লগত সংগতি ৰাখি শ্যাম ডেনিয়েল আৰু ওমৰুদ্দিন নেওগ স্মৃতি ক্ৰীড়াংগণ ডিগবৈ ৰিফাইনেৰী খেলপথাৰত পুৱাৰে আৰম্ভ হয় তপন কান্তি ভট্টাচাৰ্য আৰু টংকেশ্বৰ বৰা সোঁ‌ৱৰণী ১৫ বছৰ অনুৰ্দ্ধ ফুটবল প্ৰতিযোগিতা।

লগতে পঢ়কঃ ঢোল বাঁহী আৰু ঐনিতমৰ সুৰেৰে মুখৰিত জোনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.