মাৰ্ঘেৰিটা, ২৫ ফেব্ৰুৱাৰী: মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই এখন পত্ৰিকাৰ জৰিয়তে তেওঁৰ ৫ বছৰীয়া কাৰ্যকালত কৰা কামৰ বিৱৰণ দাঙি ধৰিছে । বৃহস্পতিবাৰে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত ড০ ৰমেন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিধায়কগৰাকীৰ ৫ বছৰীয়া কাৰ্যকালৰ খতিয়ান সম্বলিত পত্ৰিকাখন উন্মোচন কৰা হয় । পত্ৰিকাখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক বৰুণ বৰাই ।
পত্ৰিকা উন্মোচনী সভাত দলীয়া নেতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিধায়ক ভাস্কৰ শৰ্মাই পত্ৰিকাখনৰ বিষয়ে কয় যে, ২০১৬ চনৰ পৰা চলিত বৰ্ষলৈকে সমষ্টিটোত হোৱা উন্নয়নমূলক কাম-কাজৰ বিশদ বিৱৰণ দাঙি ধৰা হৈছে পত্ৰিকাখনত । বিধায়ক পুঁজি অথবা চৰকাৰী আঁচনিৰ অধীনত হোৱা কামৰ বিষয়ে উল্লেখ কৰা হৈছে ।
লগতে পঢ়ক:কংগ্ৰেছ, এ আই ইউ ডি এফক 'ফটা টিউব' আখ্যা ইদ্ৰিছ আলী আহমেদৰ