ETV Bharat / state

ড্ৰাগছৰ বেজি লৈ তিনিচুকীয়াত নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু - নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ

তিনিচুকীয়াত অঘটন ৷ ড্ৰাগছৰ বেজি লৈ মৃত্যু এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ ৷ ছাত্ৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পেঙেৰী থানা (Tense situation in Tinsukia) ।

Minor boy dies of drug injection in Tinsukia
ড্ৰাগছৰ বেজি লৈ তিনিচুকীয়াত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰ
author img

By

Published : Aug 29, 2022, 6:27 PM IST

তিনিচুকীয়া, 29 আগষ্ট : ৰাজ্যত অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti drug operation in Assam)। প্ৰতিদিনে আৰক্ষীয়ে আটক কৰিছে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ীৰ লগতে বহু সেৱনকাৰীক । ইয়াৰ মাজতে তিনিচুকীয়া জিলাৰ পেঙেৰীত সংঘটিত হয় এক অঘটন ৷

পেঙেৰীত ড্ৰাগছৰ প্ৰতি আসক্ত হৈ শনিবাৰে এজন যুৱকৰ মৃত্যু হয় ৷ নিহত যুৱকজন পেঙেৰীৰ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ ছাত্ৰগৰাকীৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সমগ্ৰ পেঙেৰী অঞ্চল (Tense situation in Tinsukia) ।

আনকি সোমবাৰে পেঙেৰী অঞ্চলৰ শতাধিক ৰাইজে পেঙেৰী পেট্ৰ’ল ডিপুৰ পৰা পদযাত্ৰা কৰি পেঙেৰী থানা ঘেৰা কৰে ৷

ড্ৰাগছৰ বেজি লৈ তিনিচুকীয়াত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰ

উল্লেখ্য যে, প্ৰতিবাদকাৰী ৰাইজে মাৰাত্মক নিচাযুক্ত দ্ৰব্য যেনে ড্ৰাগছ, কানি, সুৰা ইত্যাদি উৎখাত কৰাৰ বাবে পূৰ্বৰে পৰাই আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছিল ৷ কিন্তু আজি পৰ্যন্ত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ নহ’ল উক্ত অঞ্চলটোত । যাৰ পৰিণতিত বিগত শনিবাৰে নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ মৃত্যু হয় (Minor boy dies of drug injection in Tinsukia ) । এই অভিযোগ প্ৰতিবাদকাৰী ৰাইজৰ ৷

জানিব পৰা অনুসৰি, শনিবাৰে কেইগৰাকীমান সতীৰ্থৰ সৈতে ড্ৰাগছৰ বেজি লৈছিল নিহত ছাত্ৰগৰাকীয়ে ৷ তাৰ পাচতে বহু সময় ধৰি অজ্ঞান হৈ পৰিছিল ছাত্ৰগৰাকী ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ছাত্ৰগৰাকীক চিকিৎসালয়লৈ লৈ যায় ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে দেওবাৰে মৃত্যু হয় ছাত্ৰগৰাকীৰ । আশংকা কৰা মতে, বেজিত ড্ৰাগছৰ পৰিমাণ বেছি হোৱাৰ বাবে মৃত্যু হয় ছাত্ৰজনৰ ৷

সেয়েহে সোমবাৰে সম্পূৰ্ণ ৰাগিয়াল দ্ৰব্য বন্ধ কৰা আৰু পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত পেঙেৰী থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে । লক্ষণীয় বিষয়টো হ’ল যে, পেঙেৰী, বৰডুমচা, ফিল’বাৰী আদি অঞ্চলত ড্ৰাগছৰ দৈনিক অবাধ প্ৰচলনে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।

নৱ প্ৰজন্মলৈ নামি আহিছে অশনি সংকেত ৷ শংকিত এতিয়া পেঙেৰীবাসী ৷

লগতে পঢ়ক : ছাত্ৰীবাৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত ডব্লিউ যাদৱক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.