তিনিচুকীয়া, 24 জুলাই : শুকুৰবাৰে তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱনত বিধৱা মহিলাৰসকলৰ মাজত চেক বিতৰণ কৰে অসম চৰকাৰৰ কৃষি, মীন, পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই ৷ এই উপলক্ষে তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱনত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানত তিনিচুকীয়া জিলাৰ ৬৭ গৰাকী বিধৱা মহিলাক চেক বিতৰণ কৰা হয় ৷
ক'ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিগৰাকী বিধৱা মহিলাক ২,৫০,০০০ টকাকৈ চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ক'ভিডৰ মহামাৰীত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । এই মহামাৰীত স্বামীক হেৰুৱাই বিধৱা হোৱা মহিলাসকলক আৰ্থিকভাৱে কিছু সকাহ দিবলৈ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে ৷
অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়াৰ জিলা উপায়ুক্ত নৰসিংহ পাৱাৰ সম্ভাজি, শ্ৰম আৰু উন্নয়ন দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ, মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডুমডুমা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা আদি ৷
অনুষ্ঠানৰ শেষত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰী অতুল বৰাই তিনিচুকীয়া জিলাৰ ক'ভিড পৰিস্থিতি বৰ্তমান সাধাৰণ অৱস্থালৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, জিলাখনৰ আজিৰ দিনটোত ক'ভিড আক্ৰান্ত ৰোগীৰ হাৰ হৈছে 1 শতাংশ ৷ অৰ্থাৎ যি ধৰণে জিলাখনত ক'ভিডে গণ সংক্ৰমণৰ ৰূপ লৈছিল সেই পৰিস্থিতি এতিয়া জিলাখনত নাই ৷
স্বাস্থ্য বিভাগৰ বিশেষ তৎপৰতাৰ বাবে তিনিচুকীয়া জিলাৰ ক'ভিড পৰিস্থিতি বৰ্তমান সাধাৰণ অৱস্থালৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই ৷ জিলাখনত বৰ্তমানলৈকে ক'ভিড দ্বিতীয়টো ঢৌত আক্ৰান্তৰ সংখ্যা হৈছে 3,366 গৰাকী ৷ ইয়াৰে 1,551 গৰাকী ক'ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈছে 1,798 গৰাকী ৷ জিলাখন ক'ভিড মৃত্যু হোৱা ক'ভিড ৰোগীৰ সংখ্যা হৈছে 17 গৰাকী ৷
লগতে পঢ়ক: আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো: এম বাথা