ETV Bharat / state

Matak yuva chatra sanmilan:তিনিচুকীয়াত সৰৱ মটক যুৱ-ছাত্ৰ সন্মিলন - অৱস্থান ধর্মঘট

মটক জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে তিনিচুকীয়াত সৰৱ মটক যুৱ-ছাত্ৰ সন্মিলন ৷

matak yuva chatra sanmilan
তিনিচুকীয়াত সৰৱ মটক যুৱ-ছাত্ৰ সন্মিলন
author img

By

Published : Jul 3, 2023, 4:43 PM IST

তিনিচুকীয়াত সৰৱ মটক যুৱ-ছাত্ৰ সন্মিলন

তিনিচুকীয়া, ৩ জুন : সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সহযোগত তিনিচুকীয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে ৩ ঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৷

মটক জনগোষ্ঠীক অতি শীঘ্ৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰে প্ৰাপ্য সাংবিধানিক মৰ্যদা প্ৰদান কৰা, ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা সদ্য প্ৰকাশিত সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাত তিনিচুকীয়া, ডিব্ৰুগড়, লাহোৱাল আৰু চাবুৱা সমষ্টিৰ এলেকা অন্তৰ্ভুক্তিৰ আসোঁৱাহসমূহ দূৰ কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰে নিৰ্বাচন আয়োগক হেঁচা প্ৰদান কৰা, আলফা সমস্যা শান্তি আলোচনাৰ জৰিয়তে অতি শীঘ্ৰে স্থায়ী ৰাজনৈতিক সমাধান সুনিশ্চিত কৰা, মটক জনগোষ্ঠীক অতি শীঘ্ৰে পূর্ণ স্বায়ত্ত শাসন প্ৰদান কৰাকে আদি কৰি কেইবাটাও দাবীত সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷

ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰত মটক জনগোষ্ঠীৰ অতিথিশালা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আৱন্টন দিয়া, মটক স্বায়ত্তশাসিত পৰিষদক পর্যাপ্ত পুঁজি আৱণ্টন দিয়া, অসম চৰকাৰৰ নিকায়-নিগম সমূহত মটক প্ৰার্থীৰ বাবে আসন সংৰক্ষণ কৰা, অইল ইণ্ডিয়া, বি.চি.পি.এলত মটক জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তিকৰণত অগ্ৰাধিকাৰ দিয়া, অসম চৰকাৰৰ অধীনস্থ বিভাগসমূহত তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদত মটক জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা, ডিব্ৰুগড়, তিনিচুকীয়া আৰু লখিমপুৰ জিলাৰ বান, গৰাখহনীয়া আৰু কৃত্ৰিম বানপানী সমস্যা বিজ্ঞানসম্মতভাৱে সমাধান কৰা, তিনিচুকীয়াস্থিত মটক জনগোষ্ঠীৰ ঐতিহাসিক কীৰ্তিচিহ্ন বেদখল কৰি সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰা, তিনিচুকীয়া পৌৰসভাই অবৈধভাৱে নিৰ্মাণ কৰা দোকানসমূহ উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ৷

অনাগত দিনত যদি অতিশীঘ্ৰে উক্ত সমস্যাসমূহ সমাধান নকৰে তেন্তে আগন্তুক দিনত মটক যুৱ ছাত্ৰ সন্মিলনে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক স্বৰূপ গোঁহায়ে ৷

লগতে পঢ়ক : Protest In Lakhimpur: তিনিটাকৈ মটক সংগঠনৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.