ETV Bharat / state

জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াত মটক যুৱ ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Jun 9, 2022, 10:16 PM IST

বিভিন্ন দাবীৰে তিনিচুকীয়াত মটক যুৱ ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ(Matak student union protest at Tinsukia) ৷ শীঘ্ৰেই চৰকাৰে দাবীসমূহ মানি নল'লে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ মটক যুৱ ছাত্ৰ সন্মিলনৰ ৷

matak-student-union-protest-with-various-demands-at-tinsukia
জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াত মটক যুৱ ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট

তিনিচুকীয়া, 9 জুন : জনজাতিকৰণৰ দাবীৰে পুনৰ সৰৱ মটক যুৱ ছাত্ৰ সন্মিলন(Matak student union protest at Tinsukia)৷ বৃহস্পতিবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মটক জনগোষ্ঠীক জনজাতিকৰণৰ লগতে তিনিচুকীয়া জিলাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

উক্ত কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰি জনজাতিকৰণৰ(Matak student union demands ST status) লগতে আলফা(স্বা) সমস্যা শান্তি আলোচনাৰে সমাধান কৰা, মটক জনগোষ্ঠীৰ কৃতিচিহ্নসমূহ বেদখলমুক্ত আৰু সংৰক্ষণ কৰা, মূল্যবৃদ্ধি ৰোধ , বান গড়াখহনীয়া ৰোধ কৰাৰ লগতে কেইবাটাও দাবী উত্থাপন কৰে(Matak student union protest with various demands) ৷

অতি শীঘ্ৰে যদি চৰকাৰে উক্ত দাবীসমূহ সমাধান নকৰে তেন্তে অনাগত দিনত ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক : যোৰহাটত চুতীয়া জাতি যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.