কাকপথাৰ, 12 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্য়াহত থকাৰ মাজতে বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ নিৰূপন অধিসূচনা 2020 বাতিলৰ দাবীত ৰাজ্য়ৰ বিভিন্ন দল সংগঠনকে আদি সচেতন মহলে অব্য়াহত ৰাখিছে প্ৰতিবাদ ৷

বুধবাৰে পুনৰ CAA আৰু EIA বাতিলৰ দাবীত তিনিচুকীয়া জিলাৰ কাকপথাৰত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাকপথাৰত 'কা’ বিৰোধী মঞ্চ , সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত CAA আৰু EIA বাতিলৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

প্ৰতিবাদকাৰী সকলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে EIA খচৰা অনতিপলমে বাতিল কৰাৰ সমান্তৰালভাবে কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবী জনাইছে ৷ অন্যথা পৰৱৰ্তী সময়ত আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা হিন্দু, বৌদ্ধ, জৈন, খীষ্ট্ৰান, পাৰ্চী, শিখকে আদি কৰি 6 টা ধৰ্মালম্বী লোকক ভাৰতবৰ্ষৰ নাগৰিকত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰা আছে ৷ কিন্তু সংশোধনী আইনত ইছলাম ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰা হোৱা নাই ৷ ইয়াৰ উপৰিও এই আইনৰ আওতাত বহু কেইটা দফাৰ সংশোধন কৰিব বিচৰা হৈছে ৷ নাগৰিকত্ব সংশোধনী আইন 1955 চনৰ দফাৰ ভিত্তিত এই আইনখন সংশোধন কৰা হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই আইনখন বিৰোধিতা কৰাৰ উদ্দেশ্য তীব্ৰ আন্দোলন কৰা হৈছিল ৷ কৰ'ণা মহামাৰীৰ বাবে এই আন্দোলন কিছু পৰিমানে স্তিমিত হৈছে যদিও বৰ্তমান পুনৰ এই আন্দোলন তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে ৷
একেদৰে, কেন্দ্ৰীয় বন, জলবায়ু আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা নতুন উদ্যোগ স্থাপন কৰাৰ বাবে EIA (Environment Impact Assessment) আইন কাৰ্যকৰী কৰিব বিচাৰিছে ৷ এই নতুন আইনখন পূৰ্বৰ কেতবোৰ কঠোৰ নীতি-নিয়মক সম্পূৰ্ণৰূপে সলনি কৰি প্ৰস্তুত কৰা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যোগ স্থাপন কৰাৰ বাবে পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইন (Environment Impact Assessment) কাৰ্যকৰী কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আইনখনৰ বিৰোধিতা আৰম্ভ হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী দলসমূহে এই আইনখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক : ২৭ আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গুৱাহাটী আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ