ডুমডুমা, 22 নৱেম্বৰ : ডুমডুমাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দেওবাৰে তিনি ঘন্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । কেইবাটাও দাবী পূৰণৰ দাবীত সংগঠনটোৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ডুমডুমাক মহকুমা হিচাপে ঘোষণা কৰা, অনন্ত নলাৰ গৰাখহনীয়াৰ স্থায়ী সমাধান কৰা, ডুমডুমা মহাবিদ্যালয়ত থকা বিজ্ঞান শাখাৰ প্ৰাদেশীকৰণ কৰা, ডুমডুমা কণিষ্ঠ মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰা, ডুমডুমা অঞ্চলৰ যিসমূহ বিদ্যালয় প্ৰাদেশীকৰণ হোৱা নাই সেই সমূহক প্ৰাদেশীকৰণ কৰাৰ লগতে ডুমডুমা অঞ্চলৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
লগতে পঢ়ক : আমিনগাঁৱত বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ স্বচ্ছতা অভিযান
সংগঠনটোৰ সদস্য সকলে ডুমডুমা নগৰ খেলপথাৰৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰে সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে । উল্লেখ্য যে, অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ডুমডুমা অঞ্চলৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ বিষয়ববীয়াৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে ।
লগতে পঢ়ক : তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমছিএইছ অধ্যক্ষৰ মন্তব্য