ETV Bharat / state

CAA আৰু EIA বাতিলৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

বৃহস্পতিবাৰে পুনৰ তিনিচুকীয়া জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত জিলাখনৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত ড° ভূপেন হাজৰিকা উদ্যানত প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰি তোলে ৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি,অনতিপলমে কৃষক নেতা অখিল গগৈৰ লগতে 'কা' বিৰোধী সকলো কাৰাবন্দীক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷ আনহাতে,প্ৰতিবাদকাৰী সকলে EIA 2020 খচৰাখন বাতিল কৰাৰ বাবেও চৰকাৰক আহ্বান জনায় ৷

MASSIVE PROTEST IN ASSAM TINSUKIA
CAA আৰু EIA বাতিলৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ
author img

By

Published : Jul 30, 2020, 7:30 PM IST

তিনিচুকীয়া, 30 জুলাই : অখিল গগৈক মুক্তিৰ দাবীত তিনিচুকীয়া জিলাতো অব্যাহত আছে প্ৰতিবাদ ৷ 'কা' বিৰোধী কাৰাবন্দী সকলক অনতিপলমে মুকলি কৰি দিবলৈ জিলাখনত বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

CAA আৰু EIA বাতিলৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

বৃহস্পতিবাৰে পুনৰ তিনিচুকীয়া জিলাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত জিলাখনৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত ড° ভূপেন হাজৰিকা উদ্যানত প্ৰতিবাদকাৰী সকলে এই প্ৰতিবাদ সাব্যস্ত কৰি তোলে ৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি,অনতিপলমে কৃষক নেতা অখিল গগৈৰ লগতে 'কা' বিৰোধী সকলো কাৰাবন্দীক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷

আনহাতে,প্ৰতিবাদকাৰী সকলে EIA 2020 খচৰাখন বাতিল কৰাৰ বাবেও চৰকাৰক আহ্বান জনায় ৷ অভিযোগ অনুসৰি, Environment Impact Assessment 2020 জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সেউজীয়া পৰিৱেশ বিনষ্ট হ'ব। গতিকে,উক্ত খচৰাখন বাতিল কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷

উল্লেখ্য যে,ENVIRONMENT IMPACT ASSESMENT 2020 (EIA) সমগ্ৰ দেশজুৰি বলৱৎ হ'ব । উদ্যোগ স্থাপনৰ পূৰ্বে জৈৱ বৈচিত্ৰৰ ওপৰত পৰিব পৰা ইয়াৰ প্ৰভাৱ সন্দৰ্ভত খচৰা খনৰ অধীনত কোনো যুক্তি,কোনো প্ৰতিবাদ প্ৰযোজ্য নহ'ব । যাৰ ফলত দেশৰ বৃহৎ ব্যৱসায়ী গোষ্ঠীয়ে অনায়াসে লুণ্ঠন কৰি নিব পাৰিব প্ৰাকৃতিক সম্পদ । এই নতুন খচৰাত প'ষ্ট ফেক্ট' ক্লিয়াৰেঞ্চৰ কথা কোৱা কৈছে । যাৰ পৰিপ্ৰেক্ষিতত জৈৱ বৈচিত্ৰৰে ভৰপূৰ কোনো অঞ্চলত যিকোনো উদ্যোগ স্থাপনৰ বাবে কোনো ধৰণৰ আগতীয়া অনুমতিৰো প্ৰয়োজন নহ'ব । EIAৰ খচৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ এশ কিলোমিটাৰ আকাশী দূৰত্বৰ ভিতৰৰ অঞ্চলৰ পাইপলাইন বা পথ নিৰ্মাণৰ দৰে প্ৰকল্পৰ ক্ষেত্ৰত নাগৰিকে কোনো প্ৰশ্ন কৰিব নোৱাৰিব । এই ক্ষেত্ৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব অসম । কিয়নো পাঁচখনকৈ ৰাষ্ট্ৰৰ সীমাই বেৰি ৰাখিছে অসমক ৷

লগতে পঢ়ক : বাৰিষা খাদ্য তালিকাৰ পৰা পৰিহাৰ কৰক সেউজীয়া শাক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.