শদিয়া,10 মে': ৰাজ্যখনত ক'ভিড-19 য়ে ভয়াৱহ ৰূপ লোৱাৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে ভেকচিন ল’বৰ বাবে ভীৰ কৰা দেখা গৈছে ৷ কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক ভেকচিন দি থকাৰ পৰিপেক্ষিতত বিভিন্ন অঞ্চলৰ লোকে ভেকচিন ল’বৰ বাবে হেতা-ওপৰা লগায় ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৪৫ বছৰৰ ঊৰ্ধৰ বহু লোকে ভেকচিন ল’বলৈ অহাৰ বাবে মাজে মাজে নাটনি হৈ পৰিছে ভেকচিনসমূহৰ ৷
দৈনিক 100 ৰো অধিক লোকক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে চিকিৎসালয়খনে ৷ উল্লেখ্য যে, ৪৫ বছৰৰ ওপৰৰ ব্যক্তিসকলক কাকপথাৰ প্ৰাথমিক চিকিৎসালয়ত ভেকচিন প্ৰদান কৰাৰ সমান্তৰালভাৱে অনলাইন ব্যৱস্থাৰ যোগেদি ভেকচিন লাভ কৰা ১৮-৪৫ বছৰ বয়সৰ ব্যক্তিসকলক কাকপথাৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক : ধলপুৰত ভেকচিন কেন্দ্ৰত ক’ভিড প্ৰট’কল ভংগ