ETV Bharat / state

সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে কাকপথাৰৰ কাছিজানত মাস্ক বিতৰণ - মাস্ক বিতৰণ

এতিয়াও কালৰূপী কৰ'ণাৰ ত্ৰাস অব্যাহত আছে ৰাজ্যত । একাংশ লোক অসচেতন হোৱাৰ বাবে বৃদ্ধি পাইছে সংক্ৰমণ । সমাজৰ এচাম মানুহৰ মাজত এতিয়াও সজাগতাৰ অভাৱ । সেয়ে, ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে কাকপথাৰৰ কাছিজান গাঁৱত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হয় ।

Mask distribution in kakopathar
কাকপথাৰৰ কাছিজানত মাস্ক বিতৰণ
author img

By

Published : Jun 4, 2021, 1:14 PM IST

শদিয়া, ৪ জুন: ক'ভিড-১৯ৰ ভয়াৱহতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে বৰ্তমান চৰকাৰ, বহু দল-সংগঠনে বিভিন্ন কাৰ্যসূচী হাতত লৈছে । বিনামূলীয়াকৈ মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে । আনহাতে, কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কাছিজানতো গাঁৱৰ যুৱ সংঘই গাঁওবাসীৰ মাজত মাস্ক বিতৰণ কৰে । গাঁওখনৰ লোকে যাতে নিজকে মহামাৰীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ বাবে সজাগ কৰাৰ প্ৰয়াস কৰে যুৱ সংঘই । লগতে ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম মানি চলিবলৈ ৰাইজক আহ্বান জনায় ।

Mask distribution in kakopathar
কাকপথাৰৰ কাছিজানত মাস্ক বিতৰণ

উল্লেখ্য যে, ক'ভিড-১৯ ৰোগীৰ সংখ্যা অধিক থকাৰ বাবে বৰ্তমান বহু গাঁৱক প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিবলগীয়া হৈছে । কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ পিছত গাঁৱৰ ৰাইজে ঘৰতে আৱদ্ধ হৈ পৰে আৰু বহু সমস্যা আহি পৰে । সেয়ে, এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বেই সাৱধনতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনাইছে কাছিজান গাঁৱৰ যুৱকসকলে ।

লগতে পঢ়ক:পুনৰ বন্ধ হৈ পৰিব নেকি শৰাইঘাটৰ পুৰণি দলং ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.