ETV Bharat / state

পানীত পৰিহে মৃত্যু হৈছে বিশ্বজিৎ বসুমতাৰীৰ - আৰক্ষী

দুই বন্ধুৱে দিলে স্বীকাৰোক্তি ৷ পানীত পৰি মৃত্যু হৈছে বিশ্বজিৎ বসুমতাৰীৰ ৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই বিশ্বজিতৰ মৃতদেহ ৷ যাৰ বাবে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

পানীত পৰিহে মৃত্যু হৈছে বিশ্বজিৎ বসুমতাৰীৰ
author img

By

Published : Aug 5, 2019, 3:14 PM IST

মাৰ্ঘেৰিটা, 5আগষ্ট : টিৰাপ নদীলৈ ফুৰিবলৈ যাওতে নদীত পৰি গৈছিল বিশ্বজিৎ আৰু টিৰাপ নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল বিশ্বজিতক ৷ আৰক্ষীৰ আগত এইদৰে স্বীকাৰোক্তি দিলে বিশ্বজিৎ বসুমতাৰীৰ দুই বন্ধুৱে ৷

পানীত পৰিহে মৃত্যু হৈছে বিশ্বজিৎ বসুমতাৰীৰ

উল্লেখ্য যে, ২ আগষ্টৰ দিনা টিৰাপ নদীলৈ দুই বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল তিনিচুকীয়া জিলাৰ লিডুৰ বিশ্বজিৎ বসুমতাৰী ৷ টিৰাপ নদীত হঠাৎ পৰি গৈছিল বিশ্বজিৎ আৰু বাঢ়নী পানীয়ে উটুৱাই নিছিল বিশ্বজিৎ বসুমতাৰীক ৷ দুই বন্ধুৱে পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল এই ঘটনা ৷ ইফালে, ২২ বছৰীয়া এই যুৱকজন নিৰুদ্দিষ্ট হৈ পৰাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ ৷ যাৰ বাবে পৰিয়ালবৰ্গই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই দুয়োজন বন্ধুকে আৰক্ষীয়ে জেৰা কৰে ৷ আৰক্ষীৰ জেৰাত দুই বন্ধুৱে পানীত পৰি মৃত্যু হোৱা বুলি স্বীকাৰোক্তি দিয়ে ৷ আনহাতে,বৰ্তমানেও উদ্ধাৰ হোৱা নাই বিশ্বজিতৰ মৃতদেহ ৷ যাৰ বাবে অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

Intro: যুৱকৰ মৃত্যুকলৈ ৰহস্য ঃ নদীত ডুবি মৰিল নে হত্যা ।

Ancher- তিনিচুকীয়া জিলাৰ লিডু অন্ঞ্চলৰ এগৰাকী যুৱকৰ ৰহস্যজনক নিৰুদিষ্টক লৈ চান্ঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাৰ দুদিনৰ পাছত লগৰ বন্ধুৱে প্ৰকাশ কৰা মতে নদীত জাহ গৈ মৃত্যুমুখত পৰিছে ২২ বছৰীয়া যুৱকজন । এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যুৱকজনৰ মৃতদেহ । 
V.O তিনিচুকীয়া জিলাৰ লিডু অন্ঞ্চলৰ বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনৰ নিৰুদিষ্টক লৈ ৰহস্য । লগৰ দুই বন্ধুৱে প্ৰকাশ কৰা মতে টিৰাপ নদীত ডুবি মৃত্যুমুখত পৰে যুৱকজন । ২ আগষ্টৰ দিনা দুই বন্ধুৰ সৈতে বিশ্বজিৎ গৈছিল টিৰাপ নদীৰ কাষলৈ । ভয়ত ঘটনাৰ দুদিনলৈকে গাপ দি ৰাখিছিল দুই বন্ধুৱে সমগ্ৰ ঘটনাটো । পাছত পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত দুই বন্ধুৱে জেৰাত সমগ্ৰ ঘটনা প্ৰকাশ কৰে ।

V.O. ইতিমধ্যে নদীৰ পাৰত যুৱকজনৰ কাপোৰ চেণ্ডেল উদ্ধাৰ হৈছে । কিন্তু মৃতদেহ উদ্ধাৰ হোৱা নাই । মৃতদেহ উদ্ধাৰৰ বাবে নদীত উদ্ধাৰ অভিযান চলোৱা হৈছে যদিও কোনো শুংসূত্ৰ পোৱা নাই । যাৰ ফলশ্ৰুতিত সমগ্ৰ ঘটনাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে ।Body:Byte-MaaConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.