মাৰ্ঘৰিটা,29 মাৰ্চঃশুকুৰবাৰে মাৰ্ঘৰিটাৰ লিডুতৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ লগতে উদ্যোগিক প্ৰশিক্ষণপ্ৰতিষ্ঠানখন শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণকৰে ।লিডু ৰেলৱে ৰংগমঞ্চত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ২ ঘন্টীয়া এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণকৰে ৷
মাৰ্ঘেৰিটা মহকুমাৰ বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ সমূহ শীঘ্ৰেই মেৰামতি কৰাৰ লগতে উদ্যোগিক প্ৰশিক্ষণপ্ৰতিষ্ঠানখন মুকলি কৰি দিয়াৰ দাবীত সংগঠনটোৱে এই কাৰ্যসূচীৰ ৰূপায়ণকৰে ৷ সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক নেতা কৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্ল-গানৰে পৰিৱেশ উত্তাল কৰি তুলে ৷ শীঘ্ৰে যদি বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে ।