মাৰ্ঘেৰিটা, 17 চেপ্তেম্বৰঃ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ বিধায়কগৰাকীয়ে নিজে জন্মগ্ৰহণ কৰা উদয়পুৰ গাঁৱতে দুৰ্নীতিত লিপ্ত হৈছে খোদ বিধায়কগৰাকীৰ লগতে একাংশ ঘোচখোৰ ঠিকাদাৰ ৷ এই অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷
উল্লেখ্য যে, বিগত ৫/১১/২০১৮ তাৰিখে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই উদ্বোধন কৰিছিল এটা পথ ৷ ২০১৮-১৯ বৰ্ষৰ SOPD আঁচনিৰ অধীনত উদ্বোধন কৰা হৈছিল জাগুনৰ ৰামপুৰ পাঁচমাইলৰ পৰা উদয়পুৰ সংযোগী ২.২ কিলোমিটাৰ দৈঘ্যৰ পথছোৱা ৷ প্ৰায় ১ কোটি ৬৮ লাখ টকা ব্যয় কৰি কংক্ৰিট ব্লকেৰে নিৰ্মাণৰ কাম কৰা হৈছিল পথচোৱাত ৷
কিন্তু বৃহৎ পৰিমানৰ ধন আবন্টন হোৱাৰ পিচটো পথচোৱাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰে ঠিকাদাৰে ৷ স্থানীয় ৰাইজক হাৰাশাস্তি কৰি এইদৰে নিৰ্মাণ কৰা পথচোৱাৰ অধিকাংশ ব্লক এতিয়া মাটিত বহি যোৱাৰ লগতে মাজে মাজে অসমান হৈ ৰৈছে পথটো ৷ কণা হাঁহক পটান দিয়াৰ দৰে অতি নিম্নমানৰ কামেৰে পথটো নিৰ্মাণৰ নামত অধিকাংশ টকাই হৰলুকি কৰে ঠিকাদাৰে ৷
ৰাইজৰ অভিযোগ, নিজৰ জন্মগাঁৱতে এইদৰে দুৰ্নীতিত লিপ্ত হোৱাতকৈ মুকলিকৈ ধন শৰাধ কৰক বিধায়ক শৰ্মাই ৷ কিন্তু পথ নিৰ্মাণৰ নামত হাৰাশাস্তি কৰাৰ কোনো অধিকাৰ নাই বিধায়কগৰাকীৰ ৷ যিখন গাঁৱত জন্মগ্ৰহণ কৰি তাৰ বায়ু-পানী সেৱন কৰি ডাঙৰ মানুহ হ'বলৈ সক্ষম হৈছে সেইখন গাঁৱৰ পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰা বিধায়কগৰাকীৰ বিৰুদ্ধে চৰকাৰক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁৱবাসীয়ে ৷