মাৰ্ঘেৰিটা, 14 নৱেম্বৰ: জাগুন আৰক্ষী চকীৰ অন্তৰ্গত 1 নং ফানেং গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ধৰ্ষণৰ ঘটনা ৷ দুজন লোকে ধৰ্ষণ দুগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ বলি হোৱা কিশোৰীদ্বয় সম্বন্ধত বায়েক ভনীয়েক বুলি জানিব পৰা গৈছে ৷
এই ঘৃণনীয় কাৰ্য সংঘটিত কৰে একেখন গাঁৱৰে সোণ ফুকন (60) আৰু লাক্ষীৰাম মুৰা (18) নামৰ লোক দুজনে ৷ নিশা দুই ভগ্নীক বায়েকৰ ঘৰত থ'বলৈ যোৱা অৱস্থাত হাতী ওলোৱা বুলি কৈ অন্য এটা পথেৰে লৈ যায় অভিযুক্ত লোক দুজনে ৷ বাটতে এটা টঙি ঘৰলৈ নি সুৰাপান কৰি ভগ্নীদ্বয়ক উপৰ্যুপৰি ধৰ্ষণ কৰে দুই লম্পটে ৷
ইতিমধ্যে জাগুন আৰক্ষীয়ে সোণ ফুকন নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷ ইফালে বৰ্তমানেও পলাতক অৱস্থাত আছে আন এজন অভিযুক্ত লাক্ষীৰাম মুৰা ৷ পলাতক অভিযুক্তজনক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে সন্ধান অভিযান ৷