মাৰ্ঘেৰিটা ১৫ অক্টোবৰ : মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত কেটেতং গাঁৱত মঙলবাৰে সন্ধিয়া স্থানীয় ৰাইজে আটক কৰে এজন দুধৰ্ষ ডকাইতক ৷ ধৃত ডকাইতটোৰ নাম আকাশ গোহাঁই বুলি জানিব পৰা গৈছে ৷ খবৰ অনুসৰি মঙলবাৰে সন্ধিয়া বৰডুমচাৰ পৰা সপ্তাহিক কিস্তি লৈ বাইকেৰে আহি থকা অৱস্থাত ৬ জনীয়া বন্ধন গোটৰ দল এটাক ৬ জনীয়া ডকাইতৰ এটা দলে আবেলি ৪ মান বজাত কেটেতঙৰ ওচৰৰ বাবু পথাৰ নামৰ ঠাইত আগুচি ধৰে | ডকাইতৰ দলটোৱে আকাশ হাজৰিকা নামৰ বন্ধন গোটৰ কৰ্মচাৰীজনক দাৰে আক্ৰমণ কৰাত ভৰি আৰু হাতৰ আঙুলিত আঘা়ট পায় | পিচত স্থানীয় ৰাইজে এই ঘটনা খবৰ পায় ডকাইতৰ দলটোক খেদি যায় আৰু ডকাইতৰ দলটোৰ আকাশ গোহাঁই নামৰ ডকাইতজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিচতে ক্ষুব্ধ ৰাইজে ডকাইতজনক উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে |
বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ডকাইতজনক সোধা পোচা অব্যাহত ৰাখিছে যদিও ডকাইতৰ দলৰ আন সদস্য কেইজনক আটক কৰিবলৈ সক্ষম হোৱা নাই এই মূহুৰ্তলৈকে ৷ এই মূহুৰ্তত আন ডকাইট কেইজনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

