ETV Bharat / state

মাৰ্ঘেৰিটাত অব্যাহত চোৰাং কয়লাৰ বেহাঃ কংগ্ৰেছ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁই

কাষত চোৰাং কয়লা ব্যৱসায়ৰ লগত জড়িত লোকক বহুৱাই কংগ্ৰেছ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইৰ সংবাদমেল ৷ মাৰ্ঘেৰিটাত এক সংবাদমেল অনুষ্ঠিত কৰি আৰক্ষী প্ৰশাসনৰ পৃষ্ঠপোষকতাতে এই চোৰাং বেহা পুনৰ আৰম্ভ হোৱা বুলি বৰগোহাঁইয়ে অভিযোগ কৰে ।

কংগ্ৰেছ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁই
author img

By

Published : Sep 12, 2019, 2:41 PM IST

মাৰ্ঘেৰিটা,12 ছেপ্টেম্বৰঃ "মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ বেহা পুনৰ আৰম্ভ হৈছে ৷ যদি ইয়াত মহকুমা প্ৰশাসন বা জিলা প্ৰশাসন জড়িত নাই তেন্তে তেওঁলোকৰ অগোচৰে কেনেদৰে এই ব্যৱসায় পুনৰ আৰম্ভ হ'বলৈ পালে ! গতিকে ইয়াত প্ৰশাসনৰ লোক প্ৰত্যক্ষভাৱেই জড়িত হৈ আছে ৷"- বৃহস্পতিবাৰে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি এই বিস্ফোৰক অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে।

কয়লা চিণ্ডিকেটক লৈ পুনৰ সৰৱ কংগ্ৰেছৰ নেতা

ৰাজ্যৰ অন্যতম বহু চৰ্চিত কয়লা চিণ্ডিকেটক লৈ পুনৰ সৰৱ কংগ্ৰেছৰ নেতা। কিছুদিন পূৰ্বে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰাৰ পাছতেই বৃহস্পতিবাৰে কংগ্ৰেছ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে এক সংবাদমেল অনুষ্ঠিত কৰি আৰক্ষী প্ৰশাসনৰ পৃষ্ঠপোষকতাতে এই চোৰাং বেহা পুনৰ আৰম্ভ হোৱা বুলি অভিযোগ কৰে। বনাঞ্চল ধ্বংস কৰি কয়লা আহৰণ কোনো কাৰণত সহ্য কৰা নহ'ব বুলি মন্তব্য কৰি সংবাদমেলত বৰগোহাঁইয়ে এই বেহাৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে । ইপিনে চোৰাং কয়লা বেহাৰ লগত জড়িত থকাৰ অভিযোগ থকা যুৱ কংগ্ৰেছী আলফাজ আহমেদো এই সংবাদমেলত বৰগোহাঁইৰ সৈতে উপস্থিত আছিল ৷

Intro: তিনিচুকীয়া জিলাৰ বহু চৰ্চিত মাৰ্ঘেৰিটাৰ চোৰাং কয়লা বেহা বিগত এসপ্তাহ পৰা পুনৰ আৰম্ভ হৈছে। এই বিস্ফোৰক অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অন্যতম মুখপাত্ৰ মনোৰঞ্জন বৰগোহাইৰ । মাৰ্ঘেৰিটাত এখন সংবাদমেল অনুষ্ঠিত কৰি আৰক্ষী প্ৰশাসনৰ পিষ্ঠপুষকতাতে এই চোৰাং বেহা পুনৰ আৰম্ভ হোৱা বুলি বৰগোহাইয়ে অভিযোগ কৰে।
V/O ৰাজ্যৰ অন্যতম বহু চৰ্চিত চিণ্ডিকেট চোৰাং কয়লা বেহা । নগাঁওৰ সাংসদ প্ৰদ্যুৎত বৰদলৈয়ে মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰাৰ পাছতেই ৰাজ্যজোৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতেই এই চোৰাং বেহা ব্যাহত হৈছিল যদিও পুনৰ এসপ্তাহৰ পৰা এই বেহা পুনৰ আৰম্ভ হোৱা বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অন্যতম মুখপাত্ৰ মনোৰঞ্জন বৰগোহাইৰ অভিযোগ কৰিছে। বনাঞ্চল ধ্বংস কৰি কয়লা আহৰণ কোনো কাৰনত সয্য কৰা নহব বুলি অভিযোগ কৰি মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত কৰা সংবাদমেলত বৰগোহাইয়ে এই বেহাৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।
তাপ্যৰ্যপূৰ্ণ ভাৱে বৰগোহাইয়ে নিজৰ কাষত বহোৱাই সংবাদমেল অনুষ্ঠিত কৰিছিল সেই যুৱ কংগ্ৰেছী আল্ফাজ আহমেদৰ বিৰুদ্ধে চোৰাং কয়লা বেহাৰ লগত জড়িত থকাৰ অভিযোগ আছে । অন্যহাতে মৃত্যু ঘন্টা বজা উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাৰ সাম্প্ৰতিক অৱস্থাৰ বাবে অসম চৰকাৰক দোষাৰোপ কৰে।

Body:Byte-press meetConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.