মাৰ্ঘেৰিটা,23 জুন: অসম বিধানসভাৰ 124নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আৰম্ভ হৈছে কংগ্ৰেছ দলৰ খহনীয়া ৷ দলটোত মোক্ষম আঘাত হানি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি অচিন্ত্য দাস,সাধাৰণ সম্পাদক নিলাভ জ্যোতি কোঁৱৰ,তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰবীৰ ৰাজখোৱা,মাৰ্ঘেৰিটা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী বন্তি কোঁৱৰ,সাধাৰণ সম্পাদিকা দিপালী বৰাকে ধৰি বহু সংখ্যক কংগ্ৰেছ নেতাই দল ত্যাগ কৰে ৷ নেতা কেইগৰাকীয়ে মঙলবাৰে হোটেল ৰয়েল ট্ৰিটত অনুষ্ঠিত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে ।
দল ত্যাগ সন্দৰ্ভত মন্তব্য কৰি অচিন্ত্য দাসে অজ্ঞাতে নতুনকৈ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত কৰাৰ প্ৰসংগত ক্ষোভ ব্যক্ত কৰে ৷ ইপিনে দলীয় প্ৰাৰ্থী পৰাভূত হোৱাৰ পিছতো কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে গৃহ সমষ্টি এৰি নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে সাংসদ নিৰ্বাচিত হোৱাৰ পিছতো প্ৰায় চাৰি বছৰে দলৰ হৈ কাম কৰা এইসকল নেতাৰ পদত্যাগে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ সদ্য় পদত্য়াগী নেতা কেইগৰাকীয়ে বিষয় সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য প্ৰকাশ নকৰাৰ পিছতো দলৰ আভ্যন্তৰীণ সংঘাতৰ বাবে দলত্যাগ কৰাৰ কথা এতিয়া জিলাখনৰ সৰ্বত্ৰে চৰ্চিত হৈছে । নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে খেয়ালখুচি মতে একপ্ৰকাৰৰ ৰিম’ট চলাই একনায়কত্ববাদী মনোভাৱেৰে মাৰ্ঘেৰিটা কংগ্ৰেছক নিয়ন্ত্ৰণ কৰি অহাটোৱে নেতা কেইজনৰ পদত্যাগৰ মূল কাৰণ বুলি অভিযোগ উত্থাপন হৈছে ৷
লগতে চাওকঃ প্ৰতিবাদৰ নামত সামাজিক দূৰত্বৰ নীতি উলংঘা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ