তিনিচুকীয়া, 20 ডিচেম্বৰ : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এখন অন্যতম আগশাৰীৰ ফুটবল প্ৰতিযোগিতা হৈছে বদৌচা কাপ ফুটবল প্ৰতিযোগিতা (Bodousa Cup Football 2021) । ভূমিপুত্ৰ মৰাণ জনজাতিৰ শেষৰজন ৰজা বদৌচাৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে ২০০৯ চনত পোনপ্ৰথমবাৰৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷

পৰৱৰ্তী সময়ত ২০১২ চনৰ পৰা বদৌচা স্প’ৰ্টছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি অহা হৈছে । এই বৰ্ষৰ ১৩ সংখ্যক বদৌচা কাপ ফুটবল প্ৰতিযোগিতাখনি অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৬ টাকৈ স্থানত অনুষ্ঠিত হয় ৷ ইয়াৰ পিছত তিনিচুকীয়াৰ কচুজান খেলপথাৰত সামৰণি পৰে প্ৰতিযোগিতাখনৰ ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বমুঠ ৪২ টা দলে অংশগ্ৰহণ কৰা চূড়ান্ত খেলখন কেৰালা ইউনাইটেড এফ চি আৰু লুকাচোকা এফ চি কেৰালাৰ মাজত অনুষ্ঠিত হয় । যিখন খেলত ১-০ গ'লৰ ব্যৱধানত কেৰালা ইউনাইটেড এফ চিক পৰাস্ত কৰি লুকাচোকা এফ চি কেৰালা দল (Lukachoka fc win bodousa cup) জয়ী হয়।

লগতে পঢ়ক : অনুষ্ঠিত হ'ব 'বদৌচা কাপ-2019' ফুটবলৰ চূড়ান্ত খেল