ETV Bharat / state

মাৰ্ঘেৰিটাত ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ

author img

By

Published : Oct 20, 2020, 7:37 PM IST

মাৰ্ঘেৰিটাত মঙলবাৰে ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীসকলক প্ৰদান কৰা হয় ভূমি পট্টা ৷ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচী ৷

land patta distribution in margherita tinsukia assam etv bharat news
ভূমি পট্টা বিতৰণ

মাৰ্ঘেৰিটা,20 অক্টোবৰ: অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰী সকলক মঙলবাৰে প্ৰদান কৰা হয় ভূমি পট্টা ৷ তিনিচুকীয়াৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত মাৰ্ঘেৰিটা মহকুমাৰ অধীনষ্ঠ মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ মাকুম আৰু টিৰাপ মৌজাৰ 453 গৰাকী লোকক ম্যাদী পট্টা বিতৰণ কৰা হয় ।

মাৰ্ঘেৰিটা মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ উপস্থিতিত বিধায়ক ভাস্কৰ শৰ্মাই পট্টা বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানত মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া সোণবৰ গগৈ, মহকুমা আৰক্ষী বিষয়া পোণা গগৈ, টিৰাপ মৌজাৰ মৌজাদাৰ বিছানং চিংফৌ, সমাজকৰ্মী জ্যোতিষ সোন্দাসকে আদি কৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানৰ অন্তত চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে হিতাধিকাৰী সকলে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে চাওকঃ কৰ'ণাৰ প্ৰাদুৰ্ভাৱ: ক্ষতিগ্ৰস্ত বস্ত্ৰ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.