ETV Bharat / state

কাকপথাৰত টীকাকৰণ শিবিৰত স্বাস্থ্য কৰ্মীক খাদ্য সামগ্ৰী যোগানত অনিয়ম

author img

By

Published : Oct 8, 2021, 1:37 PM IST

তিনিচুকীয়াৰ কাকপথাৰত টীকাকৰণ শিবিৰত খাদ্য যোগানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্বাস্থ্য কৰ্মীয়ে । খাদ্য আৰু খোৱা পানী পৰ্যাপ্ত পৰিমাণে লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । স্বাস্থ্য বিষয়া জ্যোতিময় শৰ্মা আৰু স্বাস্থ্য খণ্ডৰ বি পি এম ধ্ৰুৱজ্যোতি শইকীয়াৰ বিৰুদ্ধে অভিযোগ তুলিছে স্বাস্থ্য কৰ্মীসকলে ৷

Facilities for health workers in covid vaccination centre in Kakopothar
কাকপথাৰত টীকাকৰণ শিবিৰত স্বাস্থ্য কৰ্মীক খাদ্য সামগ্ৰী যোগানত অনিয়মৰ অভিযোগ

শদিয়া, ৮ অক্টোবৰ : ৰাজ্যৰ জিলাই জিলাই টীকাকৰণ অভিযান চলিছে ঠিকেই, কিন্তু এই অভিযানত নিয়োজিত স্বাস্থ্য কৰ্মীসকলে এতিয়া পৰ্যাপ্ত সা-সুবিধা লাভ নকৰাৰ অভিযোগ তুলিছে । তিনিচুকীয়া জিলাৰ কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন ক'ভিড টীকাকৰণ শিবিৰত নিয়োজিত স্বাস্থ্য কৰ্মীসকলৰ আহাৰ, খোৱা পানীৰ নামত আবণ্টিত ধন প্ৰদান কৰাত ব্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

স্বাস্থ্য কৰ্মীৰ অভিযোগ অনুসৰি, ক'ভিড টীকাকৰণ কেন্দ্ৰসমূহত নিয়োজিত স্বাস্থ্য কৰ্মীসকলক খোৱাৰ বাবদ ১৫০০ টকাকৈ দিব লাগে । কিন্তু স্বাস্থ্যকৰ্মী সকলৰ প্ৰতিগৰাকীক এটাকৈ চিংৰা আৰু কেন্দ্ৰটোত নিয়োজিত সকলো স্বাস্থ্য কৰ্মীৰ মাজত ৪/৫ টা পানীৰ বটল যোগান ধৰি দায়িত্ব সামৰিছে দায়িত্ব থকা লোকসকলে ৷ আনহাতে, যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে হোৱা মেগা টীকাকৰণ অভিযানৰ সময়ত কেন্দ্ৰবোৰত নিয়োজিত স্বাস্থ্য কৰ্মীসকলৰ খোৱাৰ বাবদ এক হাজাৰকৈ টকা দিবলগীয়া আছিল যদিও প্ৰতিটো টীকাকৰণ কেন্দ্ৰত ৭০০-৮০০ টকাকৈ দিয়ে ।

ইয়াৰ পাচতে স্বাস্থ্য কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হয় । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে চলিত বৰ্ষৰ ১৭ মে' জাৰি কৰা জাননী অনুসৰি, প্ৰতিটো টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক ল'বলৈ অহা হিতাধিকাৰী সংখ্য অনুযায়ী বহিবলৈ চকী আৰু খোৱা পানী যোগানৰ বাবদ ৩ হাজাৰ টকা আৰু স্বাস্থ্য কৰ্মীসকলক সময়মতে আহাৰ, পানী ইত্যাদি যোগান ধৰিবলৈ স্পষ্ট নিৰ্দেশনা জাৰি কৰা হৈছিল ৷

কিন্তু ইয়াৰ পৰিৱৰ্তে কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা তথা ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া জ্যোতিময় শৰ্মা আৰু উক্ত স্বাস্থ্য খণ্ডৰ বি পি এম ধ্ৰুৱজ্যোতি শইকীয়াই এই ধন প্ৰদানৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বাস্থ্য কৰ্মী সকলে ৷

নিজৰ জীৱনকো তুচ্ছ কৰি দিন-ৰাতি একাকাৰ কৰি ৰাইজৰ স্বাৰ্থত কৰ'ণা মহামাৰীৰে যুঁজ দি আছে স্বাস্থ্য কৰ্মীসকলে ৷ তথাপিও একাংশ বিষয়াৰ বাবে প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে স্বাস্থ্য কৰ্মী , আশা কৰ্মীৰ লগতে হিতাধিকাৰীসকল ৷ নূন্যতম মাননি লাভৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাত দুখ প্ৰকাশ কৰিছে স্বাস্থ্য কৰ্মীসকলে ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে যে আশা কৰ্মীসকলক উচিত মাননি প্ৰদান কৰক আৰু ধন আত্মসাৎ কৰা স্বাস্থ্য বিষয়াসকলৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক ৷

লগতে পঢ়ক:ডিফুত বিশেষভাৱে সক্ষম লোকক বিভিন্ন সামগ্ৰী প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.