ETV Bharat / state

তিনিচুকীয়াত উপলব্ধ নাই ক'ভিডৰ প্ৰতিষেধক: ৰাইজৰ মাজত হাহাকাৰ

তিনিচুকীয়াত বিগত ৪-৫ দিনৰ পৰা উপলদ্ধ নাই কৰ’ণাৰ প্ৰতিষেধক ৷ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত IGNOU Learner Study Centre ত প্ৰতিষেধক মজুত নথকাৰ ফলক ৷ উন্মোচিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ মিথ্যাচাৰ ৷

তিনিচুকীয়াত উপলব্ধ নাই ক'ভিডৰ প্ৰতিষেধক : ৰাইজৰ মাজত হাহাকাৰ

author img

By

Published : May 22, 2021, 7:36 PM IST

তিনিচুকীয়া, 22 মে' : সম্প্ৰতি ৰাজ্যত ব্যাপকভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ ৰাজ্যৰ অইন জিলাৰ দৰে তিনিচুকীয়া জিলাতো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ শুকুৰবাৰলৈ তিনিচুকীয়া জিলাত সৰ্বমুঠ ১২৭৭৮ গৰাকীৰ দেহত ক'ভিড উপস্থিতি ধৰা পৰিছে ৷ তিনিচুকীয়া জিলাত কৰ’ণাত আক্ৰান্ত হৈ ১৯০ গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছে ।

বিগত দিনত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ অন্তৰ্গত IGNOU Learner Study Centre ত ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছিল । কিন্তু বিগত ৪-৫ দিনৰ পৰা অসামৰিক চিকিৎসালয়ত উপলব্ধ নাই ক'ভিডৰ প্ৰতিষেধক । প্ৰৱেশদ্বাৰত ক’ভিডৰ প্ৰতিষেধক নাই বুলি ফলক আৰি থোৱা পৰিলক্ষিত হৈছে ৷

তিনিচুকীয়াত উপলব্ধ নাই ক'ভিডৰ প্ৰতিষেধক : ৰাইজৰ মাজত হাহাকাৰ

ইফালে বিগত ১৫ মে' তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া জিলালৈ আহি তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত তিনিচুকীয়া জিলাত ক'ভিড প্ৰতিষেধক‌ পৰ্যাপ্ত পৰিমাণে সংৰক্ষণ আছে আৰু এসপ্তাহত ২৫ হাজাৰ ক'ভিড প্ৰতিষেধক দিব পৰা ক্ষমতা আছে বুলি মন্তব্য কৰিছিল ৷

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো বিভিন্ন সংবাদ মাধ্যমক ক’ভিড প্ৰতিষেধক‌ অসমত পৰ্যাপ্ত পৰিমাণৰ আছে জানিবলৈ দিয়ে । এনে ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি প্ৰতিফলিত হৈছে উজনি অসমৰ তিনিচুকীয়া জিলাত ।

তিনিচুকীয়া জিলাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় আৰু তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপলব্ধ নাই ক'ভিড প্ৰতিষেধক । যাৰ বাবে বহু দূৰ-দূৰণিৰ পৰা বহু লোকে ক'ভিড প্ৰতিষেধক লবলৈ আহি প্ৰতিষেধক নাপাই উভতি যাব লগা হৈছে ।

গুৰুত্বপূৰ্ণ কথা যে, ক'ভিডৰ প্ৰতিষেধকৰ বাবে অনলাইন পঞ্জীয়ন কৰা ব্যৱস্থাটো ব্যাপক বেমেজালি হোৱা পৰিলক্ষিত হৈছে ৰাজ্যত ৷

লগতে পঢ়ক : ইটানগৰৰ পৰা পদব্ৰজে অসম পালেহি কলিয়াবৰৰ ২৫ জন শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.