ETV Bharat / state

Sanjoy Kishan in Tinsukia: নিৰ্মাণৰ কাম চাবলৈ ৰাজপথত নিশা মন্ত্ৰী সঞ্জয় কিষাণৰ চাডেন ভিজিট - ৰাজপথত চাডেন ভিজিট মন্ত্ৰী সঞ্জয় কিষাণৰ

তিনিচুকীয়াত চাডেন ভিজিট দিলে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে (Minister Sanjoy Kishan Sudden Visit in Tinsukia)৷ তিনিচুকীয়া-মাকুম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ স্থানত নিশা হঠাৎ উপস্থিত হৈ কাম-কাজৰ বুজ লয় শ্ৰমমন্ত্ৰীগৰাকীয়ে ৷

Minister Sanjoy Kishan Sudden Visit in Tinsukia
পথ নিৰ্মাণকাৰ্য পৰিদৰ্শন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ
author img

By

Published : Mar 4, 2023, 2:18 PM IST

পথ নিৰ্মাণকাৰ্য পৰিদৰ্শন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ

তিনিচুকীয়া, ৪ মাৰ্চ : শুক্ৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত তিনিচুকীয়া-মাকুম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ স্থানত হঠাৎ উপস্থিত হয় তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ (Minister Sanjoy Kishan Sudden Visit in Tinsukia) ৷ মন্ত্ৰীগৰাকীয়ে হঠাৎ উপস্থিত হৈ পথ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ পৰা কামৰ অগ্ৰগতিৰ সন্দৰ্ভত বুজ লয় ৷

তথ্য অনুসৰি, সৰ্বমুঠ ২.৭ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ পথ পকীকৰণ আঁচনিৰ জৰিয়তে তিনিচুকীয়াৰ তিনিটাকৈ পথ সম্পূৰ্ণ মেৰামতিৰ ব্যৱস্থা কৰা হৈছে ৷ তাৰে ইতিমধ্যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱধাম মন্দিৰৰ সমীপৰ পৰা হিজুগুৰিস্থিত নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনলৈ ৭ কিল’মিটাৰৰ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰি থকা হৈছে (Road construction in Tinsukia)৷

এই সন্দৰ্ভত তিনিচুকীয়া আটাইকেইটা মূল পথৰ নিৰ্মাণ সম্পূৰ্ণ হ’বলৈ গৈ আছে বুলি জানিব দিয়াৰ লগতে কাম সম্পূৰ্ণ হোৱাৰ পাচত তিনিচুকীয়াৰ আটাইকেইটা মূল পথৰ সমস্যা নাইকিয়া হ’ব বুলি মন্তব্য কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ৷ মুখ্যমন্ত্ৰী পথ নিৰ্মাণ আঁচনিৰ পুঁজিৰে তিনিচুকীয়াৰ তিনিটা মূল পথ ক্ৰমে তিনিচুকীয়া-মাকুম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় পথ তথা এ টি ৰ’ডৰ ৭ কিল’মিটাৰ, তিনিচুকীয়া-দুলীয়াজান সংযোগী পথ আৰু তিনিচুকীয়া চহৰৰ ৰঙাগড়া পথৰ নিৰ্মাণ হ’বলৈ গৈ আছে ।

লগতে পঢ়ক : EM Sudden Visit at PWD Office: কোকৰাঝাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়ত চাডেন ভিজিট কাৰ্যবাহী সদস্যৰ

গতিকে তিনিওটা মূলপথৰ নিৰ্মাণ যাতে সঠিকভাৱে হয় তাৰ বাবেই নিশাৰ ভাগত নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷ ইফালে, সদাব্যস্ত হোৱাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথটো নিশাৰ ভাগত নিৰ্মাণকাৰ্য চলাইছে যদিও যথেষ্ট অভাৱ অভিযোগ জানিবলৈ দিয়ে কৰ্মচাৰী তথা ঠিকাদাৰে ৷

পথচোৱা নিৰ্মাণ কৰি থকাৰ সময়ত বাধা দিয়াৰ পাচতো বাহনসমূহ প্ৰৱেশ কৰি অসুবিধাৰ সৃষ্টি কৰিছে ৷ গতিকে পথ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত যাতে যান-বাহনসমূহ প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঠিকাদাৰ তথা কৰ্মচাৰীয়ে মন্ত্ৰীগৰাকীক আহ্বান জনায় ৷

উল্লেখ্য যে, তিনিচুকীয়াত দীৰ্ঘদিনৰ পৰা তিনিচুকীয়াৰ আটাইকেইটা মূলপথ জৰাজীৰ্ণ অৱস্থাত আছিল ৷ ফলত তিনিচুকীয়াবাসী ৰাইজে যমৰ যন্ত্ৰণাত ভোগ কৰিব লগাত পৰিছিল ৷ যাৰ কাৰণে বিভিন্ন স্থানীয় দল সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰিছিল ৷

শেহতীয়াকৈ উপৰোক্ত তিনিওটা মূলপথ নিৰ্মাণ হোৱাৰ ফলত তিনিচুকীয়াৰ এটা দীৰ্ঘদিনৰ সমস্যা সমাধান হ’বলৈ গৈ আছে ৷ গতিকে এয়া তিনিচুকীয়াবাসীৰ কাৰণে এক ভাল খবৰ বুলি উল্লেখ কৰিব পাৰি ৷

লগতে পঢ়ক : Worker Dies in Freak Accident at Chabua : চাবুৱাৰ বায়ুসেনা চাউনীত মেচিনত সোমাই শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.