তিনিচুকীয়া, 8 ছেপ্তেম্বৰ: দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ ৷ সেয়েহে তৎপৰতা বঢ়া পৰিলক্ষিত হৈছে ৰাজনৈতিক নেতা-দলবোৰৰ ৷ চাহ বাগিচাৰ খাটি খোৱা শ্ৰমিকসকলক লক্ষ্য কৰি গাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাবোৰলৈ সোঁত বোৱা পৰিলক্ষিত হৈছে প্ৰতিটো ৰাজনৈতিক দলৰে নেতা-কৰ্মীৰ ৷
উল্লেখ্য যে, চাহ বাগিছাসমূহত আজিও অব্যাহত আছে এসময়ত বৃটিছে শ্ৰমিকৰ ওপৰত চলোৱা সদৃশ শোষণ-নিৰ্যাতনৰ ৷ মালিক পক্ষৰ ক্ষমতালিপ্সু মানসিকতাৰ বাবে কৰবাতে অৱহেলিত পৰি ৰৈছে শ্ৰম সংহিতা ৷ ন্যূনতম অধিকাৰখিনিৰ পৰাও বঞ্চিত হোৱা এই চাহ শ্ৰমিকসকলৰ অৱস্থাৰ বুজ ল’বলৈ তিনিচুকীয়া চহৰৰ সমীপৱৰ্ত্তী ধেলাখাট চাহ বাগিছাত উপস্থিত হয় শ্ৰমমন্ত্ৰী সঞ্জয় কিষান ৷
শ্ৰম বিভাগৰ অতিৰিক্ত আয়ুক্ত ভাস্কৰ মিলিক লগত লৈ বাগিচাৰ চিকিৎসালয়ত উপস্থিত পৰিদৰ্শন কৰাৰ পাছতে বাগিছাৰ শতাধিক প্ৰাপ্য বঞ্চিত শ্ৰমিকে আগুৰি ধৰে মন্ত্ৰীসহ দলটোক ৷ আগুৰি ধৰি শ্ৰমিকৰ সমস্যাসমূহ উল্লেখ কৰাৰ লগতে বাগিছা কৰ্তৃপক্ষৰ একছত্ৰী শাসনৰ বিষয়েও শ্ৰমমন্ত্ৰীক অৱগত কৰে শোষিত-বঞ্চিত শ্ৰমিকসকলে ৷
পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে বাগিছাৰ পৰা বিভাগীয় কৰ্তৃপক্ষক শ্ৰমিকক প্ৰয়োজনীয় সকলোখিনি যোগান ধৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ লগতে, বাগিচাৰ চিকিৎসালয়ত কিহৰ হেমাহিৰ কাৰণে শ্ৰমিক ৰাইজ উচিত চিকিৎসাৰ পৰা বঞ্চিত হৈছে তাৰ বিৰুদ্ধেও উচিত তদন্তৰ লগতে সংশ্লিষ্ট পক্ষক জবাবদিহি কৰে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, শ্ৰম দপ্তৰৰ মন্ত্ৰী হোৱাৰ লগতে বিজেপি বিধায়কগৰাকীৰ হাতত আছে চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগো ৷ লক্ষণীয়ভাৱে প্ৰাপ্য বঞ্চিত ৰাজ্যৰ চাহ শ্ৰমিকসকলে বিগত কেবা মাহ ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিচতো পৰিস্থিতিৰ বুজ ল’বলৈ যত্ন নকৰা বিভাগীয় মন্ত্ৰীগৰাকীৰ হঠাতে চাহ শ্ৰমিকৰ প্ৰতি কিয় ইমান দৰদ উপজিল বুলিও প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন মহলত ৷
লগতে পঢ়ক: Manipur violence: মেইটেইৰ মাটি-ভেটিও কাঢ়ি নিয়াৰ অভিসন্ধি দুষ্ট চক্ৰৰ !