ETV Bharat / state

Laborer died in coal mine: টিৰাপ চালিৰ অবৈধ কয়লাখনিত পুনৰ দুগৰাকীকৈ শ্ৰমিকৰ মৃত্যু - শ্ৰমিকৰ মৃত্যু

টিৰাপ চালিৰ অবৈধ কয়লাখনিত মঙলবাৰে পুনৰ দুগৰাকীকৈ খাটিখোৱা শ্ৰমিকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ দুজনকৈ শ্ৰমিকৰ পুনৰ মৃত্যু হোবাৰ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷

Miners Found Dead at Illegal Coal Mine in Tirap
টিৰাপ চালিৰ অবৈধ কয়লাখনি
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 1:18 PM IST

অবৈধ কয়লাখনিত পুনৰ দুগৰাকীকৈ শ্ৰমিকৰ মৃত্যুৰ অভিযোগ

তিনিচুকীয়া, ২০ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিৰাপ চালিৰ অবৈধ কয়লাখনিত মঙলবাৰে পুনৰ দুগৰাকীকৈ খাটিখোৱা শ্ৰমিকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি মঙলবাৰে উদ্ধাৰ হোৱা মৃতদেহ দুটাৰ এজন গোৱালপাৰা জিলাৰ কছাৰী উপাধিৰ আৰু আনজন মেঘালয় সীমান্ত চৌদিৰ ৰাভা উপাধিৰ ৷

দুজনকৈ শ্ৰমিকৰ পুনৰ মৃত্যু হোবাৰ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণ ৷ ছাত্ৰ নেতাজনে এইসন্দৰ্ভত কয় যে, শেহতীয়াকৈ প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ বিষয়ে সমগ্ৰ ৰাজ্যতে চৰ্চিত হোৱাৰ পাছতো বন্ধ হোৱা নাই অবৈধ কয়লাখনিসমূহ ৷ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিৰাপ চালিৰ অবৈধ কয়লাখনিত পুনৰ দুগৰাকীকৈ শ্ৰমিকৰ মৃত্যু হ’ব লগা হৈছে এয়া অতি দুখজনক ঘটনা ৷ ইতিমধ্যে স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰি মৃতদেহ পৰিয়ালক গতাই দিয়াৰ লগতে যাবতীয় কাম-কাজসমূহ কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে ৷

তেওঁ কয়, চৰ্চিত হৈছে যে ১.৫ লাখ টকা প্ৰদান কৰি নিহত শ্ৰমিকৰ পৰিয়ালৰ মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছে ৷ এয়া কোনোপধ্যেই সম্ভৱ নহয় ৷ এগৰাকী লোকৰ জীৱনৰ মূল্য কেতিয়াও ১.৫ লাখ টকা হ’ব নোৱাৰে ৷ অভিযোগ অনুসৰি বিক্ৰম, গণিৰ লগতে প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা বি গণেশৰ নেতৃত্বতে চলি আছে সকলো অবৈধ কয়লাৰ কাম-কাজ ৷

প্ৰাঞ্জল মৰাণৰ মৃত্যুত প্ৰমোচন পোৱা বি গণেশক এইবাৰ চৰ্দাৰ পতা হ’ব বুলি অৱগত কৰে উমানন্দ মুদৈ মৰাণে ৷ গতিকে আৰক্ষী তথা চৰকাৰখনে এইসকল শ্ৰমিকক মৃত্যুৰ মুখলৈ ঠেলি দিয়া অবৈধ কয়লা মাফিয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰি দেখুৱাওক, অন্যথা বিভিন্নজনে কোৱাৰ দৰে চৰকাৰৰ নেতৃত্বত এইসমূহ কাম চলি থকা বুলি ভাবিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে উমানন্দ মুদৈ মৰাণে ৷

লগতে পঢ়ক : Corruption in Cooperative Society: গাগলমাৰী সমবায় সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.