ETV Bharat / state

Kendriya karam sanmilan:তিনিচুকীয়াত দুদিনীয়াকৈ কেন্দ্ৰীয় কৰম সন্মিলন - কৃষি ভিত্তিক কৰম পূজা

তিনিচুকীয়াৰ চলিহানগৰ খেলপথাৰত কেন্দ্ৰীয় কৰম সন্মিলনৰ প্ৰথম দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ । পতাকা উত্তোলন কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷

Kendriya karam sanmilan
তিনিচুকীয়াত দুদিনীয়াকৈ কেন্দ্ৰীয় কৰম সন্মিলন
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 3:25 PM IST

তিনিচুকীয়াত দুদিনীয়াকৈ কেন্দ্ৰীয় কৰম সন্মিলন

তিনিচুকীয়া, ৩০ ছেপ্টেম্বৰ : চাহ জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত আৰু সমূহ তিনিচুকীয়া জিলাৰ চাহ বাগিচাস্থিত ৰাইজৰ সহযোগত তিনিচুকীয়া জিলাৰ চলিহানগৰ খেলপথাৰত ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে কেন্দ্ৰীয় কৰম সন্মিলন ৷ এই কেন্দ্ৰীয় কৰম সন্মিলনৰ শনিবাৰে শুভাৰম্ভ কৰা হয় ।

ভাদ মাহৰ শুক্লা একাদশী তিথিত চাহ জনগোষ্ঠীয় ৰাইজে উৎযাপন কৰে কৃষি ভিত্তিক কৰম পূজা ৷ এই কৰম পূজা আৰু উৎসৱৰ লগত সংগতি ৰাখি তিনিচুকীয়া চলিহানগৰ খেলপথাৰত দুদিনীয়াকৈ উৎযাপন কৰা এই কেন্দ্ৰীয় কৰম পূজা সন্মিলনত শনিবাৰৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা ১০ বজাত উৎযাপন সমিতিৰ সভাপতি তথা শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে কেন্দ্ৰীয় কৰম পূজাৰ সাংস্কৃতিক পতাকা উত্তোলন‌ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

পতাকা উত্তোলনৰ পিচতে কৰম সন্মিলনৰ সম্পাদকদ্বয়ৰ দ্বাৰা স্মৰণ অৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । তাৰ পিচতে প্ৰকৃতি প্ৰেমী সংগঠন তথা গছপুলি ৰোপণৰ জৰিয়তে সমাজলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা পৰিৱেশ সুৰক্ষা সমিতি অসমৰ উদ্যোগত উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ দ্বাৰা গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষা সন্দৰ্ভত এক বিশেষ বাৰ্তা দিয়াৰ প্ৰয়াস কৰে উদ্যোক্তাই ।

কৰম সন্মিলনৰ আহ্বানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলৰ উপস্থিতিত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ’ব বুলি সদৰী কৰে উদ্যোক্তাসকলে । শনিবাৰৰ কৰম সন্মিলনৰ পুৱাৰ ভাগৰ এই কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ চাহ জনগোষ্ঠী সমাজৰ বিভিন্ন দল-সংগঠনৰ নেতা সদস্যৰ লগতে তিনিচুকীয়া চহৰৰ বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Karam Puja celebration:মাদল বজাই ঝুমৰ নৃত্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.