ETV Bharat / state

সমষ্টিয়ে সমষ্টিয়ে বিজেপি বিৰোধী স্থিতি ল'ব কলিতা জনগোষ্ঠীয়ে!

author img

By

Published : Sep 26, 2020, 6:03 PM IST

কাকপথাৰত কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ৷ বিশেষভাৱে কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ লগতে জনগোষ্ঠীটোৰ অধিকাৰসমূহ পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷

Kalita pressmeet at kakopathar
কাকপথাৰত কলিতা জনগোষ্ঠীৰ সংবাদমেল

শদিয়া, 26 ছেপ্তেম্বৰ: তিনিচুকীয়াৰ কাকপথাৰত কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল সম্বোধন ৷ এই সংবাদমেলযোগে জনগোষ্ঠীটোৰ বহুকেইটা সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷

কাকপথাৰত কলিতা জনগোষ্ঠীৰ সংবাদমেল

সংগঠনটোৱে কলিতা জনগোষ্ঠীটোক জনজাতিকৰণ কৰা,খিলঞ্জীয়া অসমীয়াসকলৰ অস্বিত্ব ৰক্ষা কৰা,প্ৰাগজ্যোতিষপুৰ নামেৰে স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰা,প্ৰতিখন সদনতে কলিতাৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা,উন্নয়ন পৰিষদ ঘোষণা কৰা,কলিতা জনগোষ্ঠীৰ লোকৰ ভুমি অধিকাৰ সুৰক্ষিত কৰা,প্ৰতিখন জিলাতে ভগদত্ত ভৱন নিৰ্মাণ কৰাকে ধৰি বহুকেইটা দাবী সমাধান কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰে ৷

কাকপথাৰত কলিতা জনগোষ্ঠীৰ সংবাদমেল

ইয়াৰ লগতে,আগন্তুক 5 অক্টোবৰত কাকপথাৰৰ ডিৰাক গেটৰ পৰা তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়লৈ মটৰ চাইকেলেৰে সমদল আৰু 10 অক্টোবৰত উজনি অসম বন্ধৰ ঘোষণা কৰে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে ৷

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সমাগত 2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোৰ উন্নয়নৰ হকে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সমষ্টিয়ে সমষ্টিয়ে বিজেপি বিৰোধী স্থিতি লোৱা হ’ব বুলি স্পষ্টভাৱে সংবাদমেলত উল্লেখ কৰা হয় ৷

উক্ত সংবাদমেলত উপস্থিত থাকে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা ধৰণী শইকীয়া,সুৰুজ তালুকদাৰ, মহিলা পৰিষদৰ সদস্যা নমিতা বৰ্মনকে ধৰি বহুকেইজন নেতা-কৰ্মী ৷

লগতে পঢ়ক: এদিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চাহ বাগিচা সমূহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.