ETV Bharat / state

আন্তঃগাঁথনিৰ অবিহনেই আদৰ্শ দেখুৱাইছে এখন চৰকাৰী বিদ্য়ালয়ে - কাকপথাৰ

৯২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুগৰাকী শিক্ষক, আন্তঃগাঁথনিৰ অভাৱ তাৰ মাজতেই উজলি উঠিছে কাকপথাৰৰ এখন বিদ্যালয় । কিন্তু পৰ্যাপ্ত শিক্ষক আৰু আন্তঃগাঁথনিৰ অভাৱে এতিয়া বিবুদ্ধিত পেলাইছে বিদ্যালয়খনৰ পৰিচালনা সমিতিক ।

এখন জাকতজিলিকা বিদ্যালয়ৰ দুখ !
author img

By

Published : Jul 2, 2019, 3:46 PM IST

শদিয়া,২ জুলাইঃ কাকপথাৰৰ এখন বিদ্যালয়,বিদ্যালয়খনত ৯২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ দুগৰাকী শিক্ষক।কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯৭৭ চনতে স্থাপিত হোৱা এই বিদ্যালয়খনৰ নাম দিহিং দহোতীয়া মধ্য ইংৰাজী বিদ্যালয় ৷পৰ্যাপ্ত শিক্ষক তথা আন্ত:গাঁঠনিৰ অভাৱৰ স্বত্বেও বিদ্যালয়খন উজলি উঠিছে সকলো দিশতে ৷৯২গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত দুজন শিক্ষকে শিক্ষকতা কৰি আহিছে যদিও শিক্ষাৰ মানদণ্ড, চৰকাৰী গুণোৎসৱ, খেলা-ধূলাৰ ফলাফল লেখত ল'বলগীয়া । ইয়াৰোপৰি বিদ্যালয়খনৰ চৌপাশে থকা ফুলৰ বাগিচা, জিৰণী ঘৰৰ লগতে গছ গছনীয়ে বিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ সুন্দৰ কৰি তুলিছে ।

এখন জাকতজিলিকা বিদ্যালয়ৰ দুখ !

কিন্তু উল্লেখনীয় যে, ১৯৭৭ চনতে নিৰ্মাণ কৰা বিদ্যালয়গৃহটো বৰ্তমান জৰাজীৰ্ণ হৈ পৰাত যিকোনো ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ বিদ্যালয়খনৰ শিক্ষকৰ সমস্যাৰ লগতে আন্তঃগাঁঠনিৰ সমস্যাৰ সমাধানৰ দাবীত বিত্ত মন্ত্ৰী ড' হিমন্তবিশ্ব শৰ্মা, বিধায়ক বলিন চেতিয়া, জিলা শিক্ষা বিষয়াকে ধৰি বহুজনক আবেদন নিবেদন কৰাৰ পিছতো একো ফল নধৰাৰ অভিযোগ উত্থাপন হৈছে । গতিকে সময় থাকোতেই বিদ্যালয়খনৰ সমস্যাসমূহ সমাধান কৰি পিছপৰা অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আহ্বান জনাইছে শিক্ষক তথা বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৷

Intro:৯২গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে দুগৰাকী শিক্ষক, এনেদৰেই উজলি উঠিছে কাকপথাৰৰ দিহিং দহোতীয়া মধ্য ইংৰাজী বিদ্যালয়

শদিোযা : কাকপথাৰ শিক্ষাখণ্ডৰ অন্তগত ১৯৭৭চনতে স্থাপিত হোৱা এখন বিদ্যালয় ৷ বিদ্যালয়খনৰ নাম দিহিং দহোতীয়া মধ্য ইংৰাজী বিদ্যালয় ৷ পৰ্যাপ্ত শিক্ষক তথা আন্ত:গাঠনিৰ অভাবৰ স্বতেও বিদ্যালয়খনে সকলো দিশতে উজলি উঠিছে ৷ ৯২গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত দুজন শিক্ষকে শিক্ষকতা কৰি আহিছে যদিও শিক্ষাৰ মানদণ্ড, চৰকাৰী গুণ উৎসৱ, খেলা-ধুলাৰ ফলাফলৰ লগতে বিদ্যালয়খনৰ সামগ্ৰীক চৌপাশ ফুলৰ বাগিচা, জিৰণী ঘৰৰ লগতে গছ গছনীৰে পৰিবেশ সৌন্দৰ্য্য কৰি ৰাখিছে ৷ প্ৰধান শিক্ষকে কাৰ্যালয়ৰ বহুতো কামত ব্যস্ত থকাৰ মাজতো বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক পাঠদানত খতি কৰা নাই ৷ লগতে এজন ঠিকাভিৰ্তিক শিক্ষকেও বহুত কষ্টৰে বিদ্যালয়খনত পাঠদান কৰি আহিছে ৷ বিদ্যালয়খন স্থাপিত হওঁতেই বনোৱা বিদ্যালয়গৃহটো বৰ্তমান জৰাজীৰ্ণ হৈ পৰাত যিকোনো সময়তে যিকোনো ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ বিদ্যালয়খনৰ শিক্ষকৰ সমস্যাৰ লগতে আন্ত:গাঠনিৰ সমস্যাৰ সমাধানৰ দাবীত বিত্ত মন্ত্ৰী ড' হিমন্তবিশ্ব শৰ্মা, বিধায়ক বলিন চেতিয়া, জিলা শিক্ষা বিষয়াকে ধৰি বহুজনক আবেদন নিবেদন কৰি আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ আহিছে ৷ গতিকে সময় থাকোতেই বিদ্যালয়খনৰ সমস্যাসমুহ সমাধান কৰি পিচপৰা অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আহ্বান জনাইছে শিক্ষক তথা বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৷Body:Byte : 1/ School teacher
2/ PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.