শদিয়া, 30 ডিচেম্বৰ : বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত সভাপতিত্ব কৰে পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি অৰূপ কলিতাই ৷ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পিচতেই আৰম্ভ হোৱা প্ৰতিনিধি সভাত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সঞ্জীৱ উলুপ, ভদ্ৰকৃঞ্চ বৰা, জিলা সমিতিৰ উপদেষ্টা হিতেশ দেউৰী, সভাপতি সুৰজিৎ মৰাণ সম্পাদক কাঞ্চন বৰাকে ধৰি বহুকেইজন বিষয়ববীয়াই ৷
![kakopothar-ajycp-news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-sadiya-30dcmbr-ajycpnews-mintutalukdar_30122020210030_3012f_1609342230_515.jpg)
বৃহত্তৰ কাকপথাৰ অঞ্চলৰ ৮খন শাখা সমিতিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে অৰুপ কলিতাক সভাপতি, বিকাশ তালুকদাৰক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰে ৷
লগতে পঢ়ক: 2020-ত আমাৰ মাজৰ পৰা বিদায় লোৱা ভাৰতৰ ৰাজনীতিৰ পুৰোধা ব্যক্তিত্ব