কাকপথাৰ, 6 জুলাই : কাকপথাৰত নৃশংস হত্যাকাণ্ড (Kakopather murder case) ৷ পথাৰত কাম কৰি থকা স্বামীক পানী দিবলৈ যোৱা দেৰি হোৱাৰ বাবেই স্বামীয়ে পথাৰতে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক (Husband killed wife) ৷
ঘটনা অনুসৰি কাকপথাৰৰ লাজুম পথাৰ গৰুমৰাটোপৰ শৈলেন গোঁহাই নামৰ লোকজনে দীৰ্ঘদিন ধৰি তেওঁৰ পত্নী অঞ্জনা মৰাণক অকথ্য নিৰ্যাতন চলাই আহিছিল ৷ আনকি মহিলাগৰাকীৰ পুত্ৰয়ো তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলাই আহিছিল ৷ অঞ্জনাৰ পৰিয়ালৰ অভিযোগ অনুসৰি বিভিন্ন সময়ত যৌতুক বিচাৰি স্বামীয়ে মাৰপিটো কৰিছিল ৷
মঙলবাৰে পথৰাত থকা স্বামীক জলপান আৰু পানী দিবলৈ গৈছিল অঞ্জনাই ৷ লগে লগে পথাৰত খাদ্য দিবলৈ যোৱাত কিয় পলম হ'ল বুলি মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰে স্বামী ৷ হাতত থকা লাঠিৰে মৰিয়াই মৰিয়াই অঞ্জনাক মুমুৰ্ষ অৱস্থাত পথাৰতে পেলাই থৈ যায় স্বামীয়ে ৷ লগে লগে ওচৰৰ লোকে অঞ্জনাক তেনে অৱস্থাত দেখি ঘৰত চমজাই দিয়ে ৷ স্বামীয়ে অঞ্জনাৰ শৰীৰ ভাল নহয় বুলি কৈ ওচৰৰে হাস্পতাল এখনলৈ লৈ যায় যদিও হাস্পতাল গৈ পোৱাৰ পূৰ্বেই মৃত্যু হয় অঞ্জনাৰ ৷
লগে লগে এই ঘটনাক অসুস্থতাৰ ৰূপ দি অঞ্জনাৰ ঘৰৰ পৰিয়ালক অৱগত কৰে স্বামীয়ে ৷ অঞ্জনাৰ পৰিয়ালে শৈলেনৰ বিৰুদ্ধে টঙনা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযুক্ত শৈলেন গোঁহাই আৰু পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অভিযুক্ত শৈলেন গোঁহাইক ফাঁচীৰ দৰে কঠোৰ শাস্তি বিহিবলৈ দাবী জনাই অঞ্জনাৰ পৰিয়ালৰ লোকে ৷
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি অঞ্জনাৰ গাত প্ৰহাৰৰ চিন প্ৰত্যক্ষ কৰিছে তেওঁলোকে ৷ অঞ্জনাক এতিয়াই নহয় প্ৰায়েই মাতৃগৃহৰ পৰা ধন আনিবলৈ যাবলৈ মানসিকভাৱে হাৰাশাস্তি কৰিছিল স্বামীয়ে ৷ এই ঘটনাক সহজভাৱে লব পৰা নাই অঞ্জনাৰ পৰিয়ালৰ লোকে ৷ শৈলেনে কোনোদিনেই যাতে কাৰাগাৰৰ পৰা মুকলি হৈ আহিব নোৱাৰে তাৰ বাবে দাবী জনায় পৰিয়ালটোৱে ৷
লগতে পঢ়ক: Encounter at Kokrajhar: আৰক্ষীৰ গুলীত আহত চিলনী চোৰ