শদিয়া, 8 জুন : কাকপথাৰ আৰক্ষী থানাৰ অৰ্ন্তগত ১ নং লাজুম পথাৰ প্ৰাথমিক বিদ্যালয়ত সোমবাৰে নিশা এক চুৰি কাণ্ড সংঘটিত হয় ৷ নিশা চোৰে বিদ্যালয়খনৰ পৰা বিদ্যালয়ত পানীৰ সুবিধাৰ বাবে চৰকাৰে প্ৰদান কৰা এটা মটৰ আৰু চাউল চুৰি কৰি নিয়ে ৷
ইয়াৰ উপৰিও বিদ্যালয়খনৰ বহু নঠি-পত্ৰ থানবান কৰি থৈ যায় চোৰৰ দলটোৱে ৷ বিদ্যালয়খনৰ কাষৰে এজন শিক্ষক খোজ কাঢ়ি গৈ থাকোতে আকস্মিকভাবে বিদ্যালয়ৰ তলা ভঙা দেখা পোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ তাৰপাচতে ততাতৈয়াকৈ শিক্ষকজনে বিদ্যালয়ত প্ৰৱেশ কৰাত বিদ্যালয় খনৰ বহুকেইটা কোঠাৰ তলা ভাঙি থোৱা দেখা পায় ৷
অৱশেষত স্থানীয় ৰাইজৰ সহযোগত বিদ্যালয়ৰ কাৰ্যালয়ত প্ৰৱেশ কৰোতে উক্ত সামগ্ৰী সমূহ লৈ যোৱাৰ বিষয়ে জানিব পাৰে ৷ সম্প্ৰতি বিদ্যালয়খনৰ পৰা এনেদৰে পানীৰ মটৰ, চাউল চুৰি কৰি নিয়াৰ কাৰ্যত সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়কঃ বান্দা জিলা কাৰাগাৰৰ পৰা কাৰাবন্দী সন্ধানহীন