তিনিচুকীয়া, 22 জুলাই : তিনিচুকীয়া আৰক্ষী-সেনাৰ যুটীয়া অভিযানত বৰগুৰি-গুইজান বাইপাছ চাৰিআলিত অবৈধ অস্ত্ৰ সৰবৰাহকাৰীৰ সন্ধানত দুই যুৱকক আটক ৷ আটকাধীন সেনা-আৰক্ষীৰ দলটোৱে জব্দ কৰে 7.62 এটা পিষ্টল, 1 টা মেগজিন আৰু 3 ৰাউণ্ড সজীৱ গুলী ৷ আটক কৰা দুই যু্ৱক ক্ৰমে তিনিচুকীয়া লাল বাংলাৰ মাজিদ খান আৰু চন্দন শ্বাহ ৷

উক্ত দুই যুৱকক আটক কৰি জেৰা কৰাৰ পাছত ম’হখুলীৰ পৰা আন এজন যুৱক কুন্দন কুৰ্মীক আটক কৰে আৰক্ষীয়ে ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক ভাস্কৰজ্যোতি ফুকনে জানিব দিয়া অনুসৰি মাজিদ খানৰ কাৰণে চন্দন শ্বাহে বিহাৰৰ মুজাফৰপুৰৰ পৰা অবৈধভাৱে 30 হাজাৰ টকাৰ বিনিময়ত পিষ্টলটো ক্ৰয় কৰি আনিছিল ৷ উক্ত ঘটনাটোত মাজিদ খানৰ গেৰেজত কৰ্মৰত কুন্দন কুৰ্মীক ব্যৱহাৰ কৰিছিল ৷

ইতিমধ্যে উক্ত তিনিওজন যুৱকক তিনিচুকীয়া আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত মাৰাথান জেৰা অব্যাহত ৰখাৰ লগতে উক্ত অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িতৰ সন্দেহত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ