তিনিচুকীয়া,১৩ ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ যুগল কিশোৰ কেষাণ ভৱনত অনুষ্ঠিত কৰা হয় তিনিচুকীয়া জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ ন-পুৰণি বিষয়-ববীয়াৰ এখন যুটীয়া বৈঠক(Joint meeting of Tinsukia Sahitya Sabha) । অসম সাহিত্য সভাৰ(Asom Sahitya Sabha) সদ্য গঠিত তিনিচুকীয়া জিলা সমিতিৰ মাকুম শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত কৰা হয় এই যুটীয়া বৈঠকখনি । তিনিচুকীয়া জিলা সাহিত্য সভাৰ(Tinsukia Sahitya Sabha) নৱনিৰ্বাচিত সভাপতি মোহন মৰাণে সভাপতিত্ব কৰা সভাখনৰ আঁত ধৰে নৱনিৰ্বাচিত সম্পাদক মনজিৎ গোঁহায়ে ৷
উক্ত সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় উপ-সভাপতি গিৰিশ সন্দিকৈকে আদি কৰি কৰি ন-পুৰণি বিষয়-ববীয়াসকল উপস্থিত থাকে । এই বৈঠকতে অসম সাহিত্য সভা তিনিচুকীয়া জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মোহন মৰাণে আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে সমিতিৰ খনৰ আন আন বিষয়-ববীয়া সকলেও আনুষ্ঠানিকভাৱে নিজ নিজ দায়িত্বভাৰ গ্ৰহণ কৰে ।
সভাখনত তিনিচুকীয়া জিলা সাহিত্য সভাৰ আগন্তুক কাৰ্যাৱলীৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰাৰ লগতে তিনিচুকীয়া জিলাখনত যাতে সকলো চৰকাৰী, ব্যক্তিগত প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰে তাৰ প্ৰতি ব্যৱস্থা ল’বলৈ জিলা উপায়ুক্তলৈ অতিশীঘ্ৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে তিনিচুকীয়া জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মোহন মৰাণে(Tinsukia Sahitya Sabha President Mohan Maran) ৷
বৈঠকৰ অন্তত নৱ-নিৰ্বাচিত সভাপতিগৰাকীয়ে কয় যে যিহেতু তিনিচুকীয়া জিলাখনত বহু ভাষিক লোকে বসবাস কৰে । গতিকে অনাগত সময়ত তিনিচুকীয়া জিলা সাহিত্য সভাই এখন বহুভাষিক শব্দকোষ এই কাৰ্যকালতে প্ৰকাশ কৰাৰ চিন্তা কৰা হৈছে । লগতে প্ৰতিখন শাখা সাহিত্য সভাই যাতে একোখনকৈ গ্ৰন্থ সম্পাদনা কৰি জিলা সাহিত্য সভাক প্ৰকাশ কৰিবলৈ দিয়ে তাৰবাবেও অনুৰোধ জনাই তিনিচুকীয়া জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মোহন মৰাণে ৷
লগতে তেওঁ কয় যে অসম সাহিত্য সভাৰ যি নিৰ্দেশনা তথা কাৰ্যসূচী আছে আৰু জিলা সাহিত্য সভা তথা শাখা সাহিত্য সভাৰ যিসমূহ কাৰ্যসূচী আছে সেইসমুহ ৰূপায়ণ কৰিবলৈ তিনিচুকীয়া জিলা সাহিত্য সভা বদ্ধ পৰিকৰ । ১৯৬০ চনৰ ৰাজ্যভাষাৰ আইন প্ৰনয়ণ কৰিবলৈ অসম সাহিত্য সভাই চৰকাৰৰ ওচৰত বহুদিন আগৰ পৰাই আহ্বান জনাই আহিছে আৰু নিজাববীয়াকৈয়ো পদক্ষেপ হাতত লৈ আহিছে বুলি উল্লেখ কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে ।
সভাপতিগৰাকীয়ে উল্লেখ কৰে যে তিনিচুকীয়া জিলা সাহিত্য সভাই অসমীয়া ভাষাতো ব্যৱহাৰৰ বাবে প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰলৈ গৈ গোঁহাৰি দি আহ্বান জনাব । প্ৰথমে অসমীয়া ভাষাটো আৰু তাৰ পাছত ইংৰাজী বা অন্য ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই সভাপতি মোহন মৰাণে ।
লগতে পঢ়ক: Assam Book Fair Diphu : ২০ লক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে ডিফুত অসম গ্ৰন্থমেলাৰ সফল সামৰণি