ETV Bharat / state

বাঘজানলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ ভাৰতীয় বায়ু সেনাৰ

author img

By

Published : Jun 9, 2020, 4:35 PM IST

Updated : Jun 9, 2020, 8:10 PM IST

নিৰ্বাপিত হোৱাৰ পৰিৱৰ্তে ক্ৰমাৎ বৃদ্ধি হৈছে বাঘজান তৈলক্ষেত্ৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা প্ৰবাহিত জুই ৷ জুইৰ লেলিহান শিখাই অঞ্চলটো ছানি ধৰাৰ ফলত আতংকময় পৰিৱেশ সৃষ্টি হৈছে ৷ অগ্নিকাণ্ডটোত আহত হৈছে অ’এনজিচিত কৰ্মৰত দুগৰাকী কৰ্মচাৰী ৷ ইতিমধ্যে ভাৰতীয় বায়ু সেনাই তিনিখনকৈ অত্যাধুনিক সা-সৰঞ্জামযুক্ত অগ্নিনিৰ্বাপক বাহন বাঘজানৰ তৈলক্ষেত্ৰলৈ জুই নিৰ্বাপনৰ বাবে প্ৰেৰণ কৰিছে ৷

Increases baghjan fire tinsukia assam etv bharat news
নিয়ন্ত্ৰণৰ বাহিৰত জুই

তিনিচুকীয়া,9 জুন: বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰত তিনিচুকীয়াৰ বাঘজানৰ তৈলক্ষেত্ৰৰ জুই ৷ মঙলবাৰে পুৱা তৈলক্ষেত্ৰত সংঘটিত হৈছিল অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে অ’এনজিচিত কৰ্মৰত দুগৰাকী কৰ্মচাৰী ৷ আহত কৰ্মচাৰী দুজনক ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে ৷

ক্ৰমাৎ বৃদ্ধি বাঘজান তৈলক্ষেত্ৰৰ জুই

ইতিমধ্যে,ভাৰতীয় বায়ু সেনাই তিনিখনকৈ অত্যাধুনিক সা-সৰঞ্জামযুক্ত অগ্নি নিৰ্বাপক বাহন বাঘজানৰ তৈলক্ষেত্ৰলৈ জুই নিৰ্বাপনৰ বাবে প্ৰেৰণ কৰিছে ৷ একপ্ৰকাৰৰ অগ্নিকুণ্ডত পৰিণত হৈছে বাঘজানৰ এই তৈলক্ষেত্ৰ ৷

অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ

লগতে চাওকঃ বাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Jun 9, 2020, 8:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.