ডুমডুমা,৭ এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰৰ লগতে তৎপৰ হৈ উঠিছে সাংগঠনিকভাৱে । ১৪ নং লখিমপুৰৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমাৰ ৰাজীৱ ভৱনত দেওবাৰে অনুষ্ঠিত হোৱা এক সভাত ছাত্ৰ সংগঠনৰ নেতাৰ লগতে ২৫ জন বিজেপি কৰ্মকৰ্তাই আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে । বিজেপিৰ সংখ্যালঘু মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি মহমদ হাচিম আনচাৰীৰ লগতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক পদ্মেশ্বৰ শইকীয়াই যোগদান কৰে কংগ্ৰেছ দলত ।
তেঁওৰ লগতে চুতীয়া ছাত্ৰ সন্থাৰ অন্য ২০ জন নেতা-কৰ্মীয়েও আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছ দলত । অন্যহাতে আটছাৰো বহুকেইজন নেতাই যোগদান কৰে কংগ্ৰেছত । মন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাই উজনিত কংগ্ৰেছৰ ভেঁটী দুৰ্বল বুলি দাবী কৰাৰ সময়তে ছাত্ৰ সংগঠনৰ জিলা পৰ্যায়ৰ ছাত্ৰ নেতাৰ লগতে বিজেপিৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰাক লৈ বিশেষ তাতপৰ্য বহন কৰিছে ।