তিনিচুকীয়া, 30 নৱেম্বৰ : অসম চৰকাৰৰ 2017-18 বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ দক্ষতা পুঁজিৰ 9 লাখ 37 হাজাৰ 400 টকাৰে নিৰ্মাণ কৰা এটা দুগ্ধ উৎপাদন কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে । ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেকুৰি গাঁও পঞ্চায়তৰ পুৰণি মতাপুং গাঁৱত স্থাপন কৰা এই কেন্দ্ৰটোত প্ৰথম পৰ্যায়ত পাঁচজনী উন্নত প্ৰজাতিৰ জাৰ্চী গাই পালন কৰিছে যাৰ জৰিয়তে প্ৰতিদিনাই প্ৰায় 50 লিটাৰকৈ গাখীৰ উৎপাদন কৰি অঞ্চলটোত বিতৰণ কৰি বহুকেইজন স্থানীয় যুৱকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, কেন্দ্ৰটোত অঞ্চলটোৰ প্ৰায় 15 গৰাকী যুৱকে কৰ্মসংস্থাপন লাভ কৰি পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে ৷ ইফালে, সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকে বাৰেকুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী নিকুঞ্জ মহন্ত চুতীয়া, জিলা পৰিষদৰ সদস্য নৱজ্যোতি চুতীয়া, আঞ্চলিক পঞ্চায়তৰ সদস্য কমল দুৱৰাৰ লগতে ৱাৰ্ড সদস্য অমৃত চুতীয়া ।
লগতে পঢ়ক : চেলেংগুৰীৰ ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণত ব্যাপক দূৰ্নীতি