তিনিচুকীয়া,7 এপ্ৰিল: তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ বনাঞ্চলত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বন বিভাগে ৷ তিনিচুকীয়াৰ ডিগবৈ বন সংমণ্ডল অধীনত থকা মথলা চাহ-বাগিচাৰ সমীপতে লাগি থকা লক্ষীপথাৰ বনাঞ্চলৰ পৰা চৰাইপুং বৰ্ষাৰণ্য আঞ্চলিক বন বিষয়া লক্ষীনাথ বৰুৱা আৰু স্থানীয় লাংকাঁচি আৰক্ষী চকীৰ সহযোগত বুধবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ শিলিখা গছৰ চোৰাং কাঠ জব্দ কৰে । চোৰাং কাঠখিনিৰ মূল্য প্ৰায় 50 হাজাৰ টকা হ’ব বুলি বন বিষয়া লক্ষীনাথ বৰুৱাই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ঢোলৰ যাদুৰে সকলোকে মোহাছন্ন কৰা তুলসী ওজা আজি শয্যাশায়ী